সেউজী পাতৰ কাহিনী
সন্ধিয়া কলঘৰৰপৰা ওলাওঁতে মোৰ কান্ধত হাত দি ধেমালিতে টুকুৰিয়াই চাই সুধিছিল, 'মিনি, বঙলাত যাবি?” মই কি কলো জান, ‘চাহাব তোৰ বঙলাত মেম আছে, মই কিয় যাম? কথাষাৰ কৈয়ে দূৰৈত দুৰ্জ্জনক দেখি তাৰ লগলৈ লৰ দিলো।”
আত্মগৰ্বৰ চাহনিৰে শক্তি পৰীক্ষাৰ চলৰে নৰেশ্বৰলৈ মুখ ঘূৰাই প্ৰশ্ন কৰিলে, “মোক বঙলালৈ নিলে মিলাৰক খুন কবিব পাৰিবি?”
নৰেশ্বৰৰ দেহত শক্তি থাকিলেও কথাৰ সাহস মুখত নাই। অপ্ৰস্তুত যোদ্ধাৰ দৰে অলস-অসহায় ভাৱে সি মাথোন তাইলৈ থৰ লাগি চাই বল।
কথাখিনি কৈয়ে দুখৰ নিশ্বাস টানি অকস্মাতে অন্যমনস্ক হৈ ঘাঁহনিত পেট পেলাই চনিয়া শুলে; আঠুৰ ওপৰলৈ আগ- বাঢ়ি অহা শাৰীখন ভৰিৰ আঙুলিৰেই তললৈ টানিলে। গাত সুৰসুৰাই থকা বন এজোপা আজুৰি কলে, “বুজিছ নৰেশ্বৰ, বনৰীয়া জন্তুৰ দৰে আইক চাহাব এটাই আক্ৰমণ কৰাত মোৰ জন্ম।” দুই হাতৰ মাজৰ বনডাল ঘূৰাই তাৰ মাজতে হেৰোৱা কাহিনী বিচাৰি আকৌ আৰম্ভ কৰিলে। – “সেই কাৰণেই সকলোৱে আজি মোক পেটে পেটে ঘৃণা কৰে। তয়ো কৰ নহয়?”
নৰেশ্বৰৰ মনৰ ভাব লক্ষ্য কৰিবলৈ চনিয়াই ওপৰলৈ মূৰ কৰি ঘূৰি চালে। কি উত্তৰ দিয়া উচিত ঠিক কৰিব নোৱাৰি নৰেশ্বৰে নিৰ্বিকাৰে মাথোন চাই ৰল। ২৩৯