সেউজী পাতৰ কাহিনী
চাই চনিয়াই কলে, – “এইবাৰ মেনেজাৰ চাহাব এই ফালে টিল হাঁহ মাৰিবলৈ অহা নাই হবলা? এতিয়ালৈকে দেখোন হাঁহ পৰিয়েই আছে। মেনেজাৰে কিজানি হাঁহ চিকাৰ এৰিলেই।”
“কিয়?”
“যোৱা বছৰ জাৰকালি হাঁহ চিকাৰ কৰিবলৈ আহি যি হে হল!”
“কি হ'ল?”
“কম, ৰ; বহি লওঁগৈ।”
দুয়ো পাৰৰ বননিত বহিলহি। আবেলিৰ ৰ'দ চেৰেঙা চনিয়াৰ চুলিৰ মাজত সোণৰ অলঙ্কাৰ জিলিকাৰ দৰে জিলিকিল। আঠুলৈকে উলঙ্গ ভৰি দুটা জোকাৰি জোকাৰি বালি গুছাই—তাই কবলৈ আৰম্ভ কৰিলে।
“মেনেজাৰে হাঁহ চিকাৰলৈ আহি, হাঁহ নেপাই চখা মাবিলে।”
“চখা কি?”
“চখা চিনি নেপাৱ? মতা মাইকী একেলগে থাকে।”
“চব চৰাইৰ মতা-মাইকী দেখোন একেলগে থাকে?”
“সৰু শৰালি হাঁহৰ দৰে দেখিবলৈ” – ব্যাখ্যা কৰি বুজাবৰ চেষ্টা কৰি চনিয়াই উপযুক্ত শব্দ বিচাৰি উচুপিচাবলৈ ধৰিলে।
“ও, বুজিছোঁ বুজিছোঁ, চাকৈ-চকোৱা।” বুদ্ধিৰ পৰিচয় দিবলৈ সমৰ্থ হোৱাত নৰেশ্বৰে গৌৰৱেৰে চনিয়ালৈ চালে। নাৰীৰ প্ৰশংসা সকলো পুৰুষৰে কাম্য।
২৩৭