সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

 চনিয়াৰ আঙুলি নিৰ্দেশলৈ চাই নৰেশ্বৰে কলে, “টোলোঠা পকা, পুলিতে লাগিছে। ”
 “উঠিব পাৰিবি?”
নৰেশ্বৰে কথাত সময় খৰচ নকৰি ধুতী সামৰি কামিজৰ হাত কোছাই খপ খপ্ কৈ পুলিটোত বগাই লোমালোমে পকি থকা টোলোঠা পকা টপাটপ তললৈ দলিয়ালে। চনিয়াই খপজপকৈ হাবিত পৰা ফলবোৰ সংগ্ৰহ কৰি শাৰীৰ আচলত বান্ধিলে। এটা মুখত দি কলে, “পকি ৰহ দিছে।” নামি অহা নৰেশ্বৰৰ হাতত কেইটামান দি কলে, “আমাৰ জংঘলী মানুহৰ দৰে তহঁতে কেতিয়াবা এইবোৰ খাই পাইছনে?”
 একেলগে দুটামান মুখত ভৰাই নৰেশ্বৰে কলে, “তই হাটলৈ নিলে—খাবলৈ নেপাম কিয়?”
 “মই বেচিবলৈ নিবলৈ যাম কিহৰ জগৰত? নিজে আহি পাৰি খাবিহি।”
 চনিয়াই আকৌ এগাল টোলোঠা পকা নবেশ্বৰলৈ দলিয়ালে, ধোপ ধৰাৰ দৰে নৰেশ্বৰে এটাও মাটিত পৰিবলৈ নিদি হাত পাতি ধৰিলে। হঠাতে শুকান পাতৰ বৰ খৰ, শব্দ; ইফালে সিফালে চাই নৰেশ্বৰ বৈ গ'ল। পিছত খোজৰ শব্দ নুশুনি চনিয়াই ঘূৰি চাই সুধিলে, “ৰলি দেখোন? কি হ'ল?”
 “সাপ-সুপ নেকি?”

 “কত সাপ দেখিলি?”

২২৭