সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

 আগবঢ়াৰ লগে লগে কৈ গ’ল, “বাগিছাৰ মানুহৰ জানো ঘৰ-বাৰী আছে? কোন ক’ৰ পৰা আহিছে কোনেও কব নোৱাৰে; বাগিছাই ঘৰ দিছে— কাম কৰা দিন কেইটা থাকিব—তাৰ পিচত যাব কলৈ? ” চনিয়াৰ কথা কোৱা ধৰণটোৱেই নৰেশ্বৰৰ মানত সমিধানহীন প্ৰশ্ন।

 লুংলুঙীয়া বাট—বাট নহয় শন সূতা এডাল যেন পৰি আছে; সমানে সমানে দুজনে খোজ কাঢ়িব নোৱাৰি। দুয়োকাষৰ ওখ ওখ ঘন-কাঁইট হাতেৰে আঁতৰাই চনিয়াৰ পিছে পিছে যোৱা নৰেশ্বৰে সুধিলে—

 “কত ওলাম? কব পাৰনে?”

 “বাট হেৰুৱাম বুলি ভয় কৰিছ?” পিছলৈ মুখ ঘূৰাই উত্তৰ দিলে।

 “বাট হেৰাল যদি ভালেই হল।” আকৌ চনিয়াই কলে।

 “কিয়?”

 “হেৰোৱা বাট বিচাৰি ফুৰোঁতে জাৰণিখনৰ লগত চিনাকি হব; নহলে আহিল কণা, গল কণা, খাগৰি কাটিলে তিনি কণা।”

 “অসমীয়া ফকৰাও দেখোন তই আওৰাব পাব?”

 “কিয় নোৱাৰিম? ম‍ই কিবা ইয়াৰ ছোৱালী নহওঁনে? কুলি লৰা-ছোৱালীৰ ৰাঁচী দেশৰ গীত কেইটাহে মনত আছে; বাকী মাত-কথা পাহৰি অসমীয়া হৈছে, নেজান হবলা?”

 অলপ আগবাঢ়ি চনিয়াই ওপৰলৈ মূৰ তুলি কলে, “দেখিছ?”

২২৬