সেউজী পাতৰ কাহিনী
“বেচ্ বেচ্ ঘৰতো কাম কৰিব লাগে, স্কুলতো যাব লাগে।”
লৰাহঁতক পিঠিত চপৰিয়াই পাদুৰি আগ বাঢ়িল। লৰাহঁতক
এৰাই দুখোজ গৈছেহে মাথোন, কেইবাটাও কঙ্কালে পাদুৰিক
আগভেটি ধৰিলে। পাদুৰি নীৰৱ দেখি এজনে মাতিলে,
“পাদুৰি, আমি তোলৈকে খপি আছোঁ।”
থমকি পাদুৰিয়ে মানুহ কেইজনৰ মুখলৈ চাই কলে, “কিয়?”
“আমাক তই শাস্ত্ৰ শুনাবি।”
“বহুত ৰাতি হ'ল। তহঁতৰো চাগৈ ভাগৰ ধৰিছে।” কথাষাৰ কৈ কি কৰিব কি নকৰিব পাদুৰিয়ে চিন্তা কৰিলে। জোনাথনৰ মনত পৰিল শাস্ত্ৰৰ বচন এফাঁকিলৈ, ‘মানুহৰ পুত্ৰই সেৱা শুশ্ৰূষা পাৱলৈ নহয়—কৰিবলৈ আৰু অনেকৰ মুক্তিৰ অৰ্থে প্ৰাণ দিবলৈ।”
“আমাৰো আকৌ ভাগৰ! দিনটো কোৰ মাৰোঁ, ৰাতিটো গাহৰি পৰা দি পৰি থাকোঁ। হাৰিয়া খাই নাচ কৰোঁ।” এজনে উত্তৰ দিলে।
“তই আহি কেতিয়াবা আমাক দুটা ভাল কথা শিকাৱ, পাপ নকৰিবলৈ কৱ। নহলে কুলিৰ ওচৰলৈ কোননো আহে, তাহাতৰ সুখ-দুখৰ কাহিনী শুনিবলৈ? তাহাঁতক দুই-চাৰিটা ভাল কথা শিকাবলৈ? হাৰিয়া খাই সেই কাৰণেই চব পাহৰিব খোজো।” মানুহজনৰ এই ব্যথাভৰা উক্তিত পাদুৰিৰ মুখ আন্ধাৰতকৈও গহীন হল।
প্ৰত্যুত্তৰ নিদি পাদুৰি কাষৰ ঘৰৰ চোতালত থিয় হলগৈ।
২২১