সেউজী পাতৰ কাহিনী
পৰা আলোককৈ যাবলৈ কেৰাচিন তেলত তেওঁলোকে অপব্যয় কৰিব কিয়?
লাইনত প্ৰায় কুৰিটামান সৰু সৰু টিনপাতৰ ঘৰ; কোনো কোনো ঘৰৰ আওলাৰ টিনপাত মাটী চোওঁ চোওঁ হৈ বেৰ আৰু খিৰিকিৰ স্বকীয়া প্ৰয়োজন নোহোৱা কৰিছে। বাগিছাৰ বনুৱাক চাৰিওপিনে সিঁচৰতি কৰি বেলেগ বেলেগ লাইনত বহুৱা হৈছে। উদ্দেশ্য সকলোয়ে গোট খাই যাতে মালিকৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব নোৱাৰে; বেলেগে বেলেগে থাকিলেই খিয়লা-খিয়লি, অৰিয়াঅৰি; এয়ে শাসনৰ বিভেদ নীতি— চাহবাগিছা আৰু চৰকাৰ উভয়ৰে।
ৰতৌৰ জপনাৰ মুখ পাৰ হৈছেহে মাথোন—কোনোবাই মতা শুনিলে “পাদুৰি”!
“অসিতা?” মাততে চিনি পাই পাদুৰিয়ে সুধিলে, “তোৰ ছোৱালীৰ ভাল হৈছে?”
“ভাল হলে কি হব? খাবলৈ নাই; তাক পঠাইছোঁ দোকানৰপৰা ধাৰলৈ চাউল আনিবলৈ। দিয়ে কি নিদিয়ে! আগৰ সপ্তাহৰ ধাৰো মাৰিব নোৱাৰিলোঁ—ছোৱালীৰ বেমাৰতে সপ্তাহৰ খোৰাকি আদায় হল।” দীঘল নিশ্বাস টানি অসিতাই কলে, “দোকানীয়ে নিদিলে চাগৈ! কাৰবাৰ ঘৰতহে বিচাৰিছে; সি যোৱাৰ পিছত দুই ঘণ্টি পৰিল।”
পাদুৰিয়ে জেপ খপিয়াই হাতত যি পৰিল তাকে আগবাঢ়ি উমানে উমানে অসিতাৰ হাতত দিলেগৈ।
২১৯