সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

বাকী দুজনৰ ঠেং ভাঙিলে। তথাপি সেনাবিলাকৰ এটাই বৰছাৰে খোচমাৰি তেওঁৰ কোষত বিন্ধিলে; তাতে তেতিয়াই তাৰ পৰা তেজ আৰু পানী বাহিৰলৈ ওলাল।”

 ক্ষন্তেক ৰৈ পাদুৰিয়ে পুনৰ পাত লুটিয়ালে। অন্তৰ পৰশি যোৱা ধৰ্ম্মশাস্ত্ৰৰ বাণী বিস্ময় নিৰ্বাক হৈ তিনিওজন শ্ৰোতাই শুনিছিল। পাদুৰিয়ে আৰম্ভ কৰিলে, “যিচুয়ে আমাক কি মহৎ উপদেশ দি গৈছে, সেই কথা যি সকলৰ কাণ আছে শুনক।

 “আত্মাৰ দৰিদ্ৰবিলাক ধন্য; কিয়নো স্বৰ্গৰাজ্য সিবিলাকৰ

 “শোক কৰা বিলাক ধন্য, – কিয়নো সিবিলাকে সান্ত্বনা পাব।

 “নম্ৰ লোকবিলাক ধন্য; কিয়নো সিবিলাকে দেশখন অধিকাৰ কৰিব।

 “ধাৰ্ম্মিকতালৈ ভোগ আৰু পিয়াহ লগা বিলাক ধন্য; কিয়নো সিবিলাক তৃপ্ত হব।

 “দয়ালু লোকবিলাক ধন্য; কিয়নো সিবিলাকে দয়া পাব।

 “নিৰ্ম্মল চিত্তৰ লোকবিলাক ধন্য; কিয়নো সিবিলাকে ঈশ্বৰৰ দৰ্শন পাব।

 “মিলনকাৰী বিলাক ধন্য; কিয়নো সিবিলাকে ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।

 “ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱা-বিলাক ধন্য; কিয়নো স্বৰ্গৰাজ্য সিবিলাকৰ।” এই উপদেশ চনিয়াই বহুবাৰ শুনিছে; তথাপি প্ৰত্যেক শাৰী বাক্যত তাই মনোযোগ দিলে; আগলৈ মনত ৰাখিবলৈ পাদুৰিৰ মুখে মুখে আওৰাই গল।

২১৭