সেউজী পাতৰ কাহিনী
খুচৰি দিওঁতেই ভমক্ কৰে জ্বলি উঠিল। “পাদুৰি চাহাব, আমাক খ্ৰীষ্টান কৰি তোৰ গিৰ্জ্জালৈ লৈ চাকৰি এটা দি পৰিত্ৰাণ কৰ।” পৰিত্ৰাণ শব্দটো সদাই জোনাথনৰ মুখত শুনা।
ৰতৌৰ কথাৰ উত্তৰ নিদি চাকিটোৰ কোমল পোহৰৰ দৰে হাঁহি এটা মাৰি পাদুৰিয়ে বেগৰপৰা কলা মলাটৰ গধুৰ শাস্ত্ৰখন উলিয়ালে; শাস্ত্ৰৰ সমুখত ৰতউ সাপৰ দৰে শান্ত হল।
পাদুৰিয়ে ৰতৌৰ যন্ত্ৰণাভৰা মুখখনলৈ চাই স্নেহেৰে কলে, “বুজিছ ৰতউ, দুখ সকলো মানুহৰে আছে; কিন্তু দুখ যিমানেই কষ্টৰ নহওঁক এদিন নহয় এদিন সিও অন্ত হব। এই দুখেই ঈশ্বৰৰ স্বৰ্গৰাজ্যলৈ লৈ যোৱাত আমাক সহায় কৰিব।”
“এস্, ঈশ্বৰৰ কথা সদায় কি কৈ থাক? পুৱাৰপৰা নিশালৈকে ঈশ্বৰলৈকে ভয় কৰি হাড়-ভঙ্গা কাম কৰোঁ—ফলত দুবেলা দুসাজ পেট ভৰাই খাবলৈ নেপাওঁ; পাওঁ পিঠি ফাটি যোৱা বেতৰ কোব।” কথাৰ লগে লগে কাণৰ ওচৰত ভোনভোনাই থকা মহটো ৰতৌয়ে দুই হাতেৰে চাপৰ মাৰি মোহাৰি তেজখিনি দীঘলকৈ মেলি দিয়া আঠুত সানি থলে—গাত নতুন তেজ সঞ্চয় কৰিবলৈ।
জোনাথনে গহীনাই বাইবেলৰ ভাষাৰে উত্তৰ দিলে, “ভগৱানৰ পুত্ৰ যিচুয়ে কি শাস্তি পাই গল, তাৰ তুলনাত তুমি আমি কি শাস্তি ভুগিছোঁ?”
“যিচু দেৱতা, তেওঁৰ লগত আমাক কিয় তুলনা কৰিছ?
২১৫