সেউজী পাতৰ কাহিনী
তুলিছে; তাৰ লগতে স্কুল এখনো পাতিছে। মাজে সময়ে জোনাথনে লাইনলৈ আহি কুলিহঁতৰ সুখ-দুখৰ বা-বাতৰি লয়, সুবিধা পালে বাইবেল পঢ়ি শুনায়; খৃষ্টান ধৰ্ম্মৰ সহজ সৰল উপদেশ দিয়ে। বাগিছাৰ মতা-তিৰোতাই কিবা যদি ধৰ্ম্ম শিক্ষা—ধৰ্ম শিক্ষা কিয় কোনো শিক্ষা যদি পাইছে— সি জোনাথন আৰু তেওঁৰ গুৰু পাদুৰি এণ্ড্ৰুজ চাহাবৰ অনুগ্ৰহতহে।
ৰতৌৰ লাইনতে কেইবাদিনৰে পৰা লৰা এটাৰ অসুখ; বাগিছাৰ ডাক্তৰৰ ঔষধত ভাল নোহোৱাত পাদুৰিক মাতি পঠিয়াইছিল। ৰতৌৰ সন্ধিয়াৰ শাস্তিৰ কথা শুনি পাদুৰিয়ে তাৰ খবৰ লবলৈকে আহিল। চনিয়াই ৰতৌৰ পিঠিত হাত ফুৰাই থকা দেখি পাদুৰিয়ে নিজে বেগটো মেলি তুলা অলপমান টিনচাৰ বেঞ্জিনৰ বটলটো উলিয়াই কলে, “চনিয়া এই দাৱাইটো তুলাৰে ঘাত লগাই দে।” জোনাথনে চনিয়াক জন্মৰেপৰা চিনি পায়; তাইৰ বদমেজাজটো বুজি মৰমো কৰে।
আলফুলকৈ চনিয়াই তুলাত ঔষধ লগাই ৰতৌৰ পিঠিত সানি দিলে; পোৰণিত ৰতৌ উস্উসাই উঠিল; “চয়তান, দুচ্মন, কেতিয়াবা তাক কোৰেৰে ঘপিয়াম।” মেনেজাৰক উদ্দেশ্য কৰি কোৱা প্ৰত্যেকটো কথা ডবল-কোবৰ ঘাপৰ দৰে তাৰ মুখৰপৰা ওলাল।
“ৰতৌ, গালি পৰা পাপ...” পাদুৰিয়ে কলে।
“গালি পৰা পাপ? ছালাই মাৰি খুন কৰিবলৈ ভাল হল— মই গালি পৰা পাপ।” তুঁহজুইৰ মাজত লুকাই থকা ক্ৰোধ
২১৪