সেউজী পাতৰ কাহিনী
আৰু হিংসাত জ্বলি উঠা ৰতৌৰ ঘৈণীয়েকৰ চকু-মুখৰ জুইকুৰা নুমাল।
ৰতৌয়ে চনিয়াই মধু অনা বুলি কোৱা কথাষাৰ শুনিছিল; ভিতৰ সোমাওঁতেই তাইৰ হাতৰ ঘটিটো চিলনীয়ে থপিওৱাৰ দৰে থপিয়ালে। ওপৰলৈ মুখ কৰি একে নিমিষতে ঢোক্-ঢোক্কৈ গোটেইখিনি শেষ কৰি ঘটিটো চনিয়াৰ হাতত ঘূৰাই দিলে। চনিয়া ৰতৌৰ ওচৰত মাটিতে বহিল। মৰমে পশুকো বশ কৰে, কঠুৱাক কোমল কৰে, বৈৰীক মিত্ৰ কৰে। ৰতৌয়ে নিজৰ কঁকালৰ খোচনাৰপৰা আধাখোৱা চাধাৰ পাতটো উলিয়াই চনিয়াক চুক এটা ছিঙ্গি দি এটুকুৰা নিজৰ মুখত দিবলৈ হাতত মোহাৰিলে। চাধাকণ মোহাৰি মুখৰ ভিতৰত অকাই-পকাই চনিয়াই কলে, “চাওঁ, তোৰ পিঠিখন।” ৰতৌৰ পিঠিত চনিয়াই হাত মোহাৰিলে; অলপ অলপ তেজ বাগৰি থকা পিঠিখনত গাৰ শাৰীৰ আচলটো লাহে লাহে থপৰিয়াই দিলে। চনিয়াৰ স্নেহৰ প্ৰলেপত বিষ ভালেখিনি উপশম হোৱাত ৰতৌ শান্তিত নীৰব হল। সেই মৌনতাৰ মাজতে পাদুৰি জোনাথন ৰতৌৰ ঘৰ ওলালহি। ৰতৌৰ ঘৈণীয়েকে গিৰিয়েকৰ ওচৰত পাদুৰিক বহিবলৈ পুৰণা পেকিং বাকচ এটা আগ বঢ়াই দি ৰান্ধনী কোঠাৰপৰা কেৰাচিনৰ চাকিটো মজিয়াত থলেহি। পাদুৰি জোনাথনে কেৱল ধৰ্ম প্ৰচাৰেই নকৰে; প্ৰয়োজন অনুসৰি ঔষধ-পাতিৰ ব্যৱস্থাও দিয়ে। নাহৰণি বাগিছাৰ ওচৰতে অনুষ্টুপীয়াভাৱে গীৰ্জ্জা এটা গঢ়ি
২১৩