—“বাগান এৰি যাবলৈ কৈয়ে আছোঁ; কি সুখত ইয়াত থাকিম? লোকৰ গচকত যোৱা চাহ-পাতকিটা আনোতেই পিঠি ডৰাডৰ কৰি কোৱাইছে!”
“তই কলেই হলনে? যাবি কলৈ? নতুন গিৰমিটৰ বছৰ পূৰ হোৱা নাই। পলাই গলে ধৰাই আনি আকৌ মাৰ-ধৰ নকৰিব? সেই কথা থ’- তই আলোমণিৰ পৰা হাৰিয়া এবাটিকে আনি দে। বিখত মৰিছো।”
“নিছা লগাই পিঠিৰ বিষ কিমান দিনলৈ পাহৰি থাকিবি? বল, দোচোৰা বাগানলৈ পলাই যাওঁ।” বালিৰে ঘঁহি পৰিষ্কাৰ কৰা কেৰাহিটোত পানী ঢালি ঢালি ৰতৌৰ ঘৈণীয়েকে বলকিলে।
“হাৰামজাদী, বাৰে বাৰে একে কথাই কৈ থাকে; মই মৰিছোঁ বিখত—তাই কয় পলাই যাবলৈ।” ৰতৌয়ে ঘৈণীয়েকক উদ্দেশ্য কৰি অজস্ৰ অবাইচ মাত উচ্চাৰণ কৰিলে। মাত-বোল নকৰাকৈ গুৱাল-গালি সহি থকা অভ্যাস কুলি ৰমণীৰ নাই। ঘৈণীয়েকেও উৎকট গালি পাৰিলে। কথাৰ পৰা কুৰুক্ষেত্ৰৰ আশঙ্কা কৰি চনিয়াই লৰা-লৰিকৈ মাত দিলে, “এই, ৰতৌ ক'ত?”
কোণৰ নালত ধৰি কেৰাহিটো হাতত তুলি মুখৰ অশ্লীল কথাষাৰ বন্ধ কৰি কলে, “পিঠিৰ বিখত চিঞৰি আছে।”
“মই মধু আনিছিলোঁ।”
“তাকে আনিবলৈ মোক চিঞৰিছে, দেগৈ যা।”
আন্ধাৰৰ মাজত চনিয়াৰ হাতৰ ঘটিটোলৈ লক্ষ্য কৰি খঙত
২১২