সেউজী পাতৰ কাহিনী
বাট নেচাই বোন্দা-বিৰিন্দা দুয়োয়ে কোবাকুবিকৈ গুচি গল। পোহনীয়া কুকুৰ দৰে গোৰ খায়ো বিবাহিত তিৰোতাই গিৰিহঁতৰ ভৰিত ঘূৰি লেটি লয়।
“বিৰিন্দাৰ কেচ এমিকেবলি চেটেল্ড ছাৰ। ” “বৰবাবু, কেচ বন্ধ কৰিব লাগে।” মেনেজাৰ নিৰ্দেশত বিৰক্তি।
“ছাৰ, মোংগ্ৰাৰ কেচ টো যোৱা সপ্তাহৰ পৰা পেন্ডিং হৈ আছে। সেইটো বিচাৰ হলেই বন্ধ কৰিম।”
“অ, মোংগ্ৰাৰ নাইকী মোৰ ওচৰত আহি আছে। তাইৰ কি আপত্তি আছে?”
“ছাৰ, যোৱা দেওবাৰৰ আগৰ দেওবাৰে ৰাতি পুৰণি লাইনৰ মোংগ্ৰাৰ মাইকী ফান্দো ঘৰৰ পৰা নাইকিয়া হয়। দুদিনৰ পিছত লাইন চৰ্দাৰে তাইক লগ পায়। ৰূপচিঙৰ লগত গিৰিয়েক-ঘৈণীয়েকৰ দৰে থাকিবলৈ আহিছে বুলি ফান্দোয়ে চৰ্দ্দাৰক জনায়। কিন্তু জাত নিমিলাত ৰূপচিঙে ফান্দোক এতিয়া ৰখাব খোজা নাই; তাৰ জাতৰ মানুহে তাৰ লগত খোৱা-বোৱা কৰিবলৈ আপত্তি কৰিছে, ৰূপচিঙে ফান্দোক ঘূৰাই দিব খোজে।”
“ৰূপচিঙে লগত ৰাখি ঘূৰাই দিলে মোংগ্ৰাই লব?” মেনেজাৰে আৰু কিবা সুধিব খুজি ৰৈ গৈ আচৰিতভাৱে মাথোন বৰবাবুলৈ চালে।
মেনেজাৰৰ অন্তৰত যে অনেক গভীৰ সমস্যাই অগাডেৱা
কৰিছিল সেই কথা বিস্ময়-বিমূঢ় মুখখনেই স্পষ্ট কৰিলে!
২০৭