সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


 “বিৰিন্দা, তই গিৰিয়েৰৰ লগত নথকাকে ঠিক কৰিছনে কি?” চাহাবৰ আৰামৰ নিশ্বাসলৈ লক্ষ্য কৰি বৰ কেৰাণীয়ে সুধিবলৈ আৰম্ভ কৰিলে।

 কাপোৰৰ বান্ধটো টানি পিঠিৰ কেচুৱাটো উজুৱাই থিয় দি বিৰিন্দাই কলে, “তাৰ লগত নেথাকোঁ; সি হাৰিয়া খাব, সদায় মাৰিব। তাৰ মাৰ খাই মই ঘৰ নকৰোঁ।”

 “তই কলৈ যাবি?”

 “দোচৰা মানুহলৈ যাম, নহলে বোপাইৰ ঘৰলৈ গুচি যাম। নিজে কামাই কৰোঁ; মোৰ কি ভয় আছে?” বিৰিন্দাই পিঠিৰ কেচুৱাটো ওপৰলৈ উজুৱাই বান্ধিলে।

 “গিৰিয়েৰে কি কয়? বোন্দা আছেনে নাই?”

 “তাইক মই কেলৈ যাবলৈ দিম? তাইৰ পেটত পোৱালি আছে; সেইটো মোৰহে পোৱালি। পিছত তাই যি কৰে কৰিব; এতিয়া পেটৰ পোৱালিৰে সৈতে আনলৈ যাবলৈ নিদিওঁ।” ওচৰতে বহি থকা বোন্দাই ঘপহ কৰে উঠি বিৰিন্দালৈ ভিক্ষাৰীৰ দৰে চালে।

 “তই মোক নেমাৰ বুলি ক।”

 “হুজুৰৰ আগত কাণত ধৰি শপত কৰিছোঁ— তোক নামাৰো।” বোন্দাই দুই হাতৰে নিজৰ কাণত ধৰি বিৰিন্দাৰ হাত দুখনত আজুৰি কলে, “বল, বল ঘৰলৈ বল। মতা তিৰোতাৰ কাজিয়া লাগেই; তাকে চাহাবত জনাবৰ কি দৰ্কাৰ! আহ্, আহ্ ৰন্ধা-বঢ়া কৰিবলৈ ৰাতি হব।” বৰবাবুৰ ৰায় শুনিবলৈ