সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

চাহাবক ভাগৰ মাৰিবলৈ সময় দি খন্তেক ৰল। সকলোৰে মুখত ভয়াৰ্ত্ত আবেদন।

 “চাহাব, ওলাইছে মা-বাপ ওলাইছে। মা-বাপৰ দৰে চাহগছ ৰুইছে; ডাঙৰ কৰিছে–এতিয়া দুটা চাহপাত নিওঁতেই তাক মাৰে। চাহাব নহয় ডকাইত!” ধোৱাৰ দৰে তপত নিশ্বাসৰে কাণে কাণে কথাষাৰ কোৱাৰ লগে লগে চনিয়াৰ চকুৰপৰা চকু পানী নিজৰিল। বৰষুণৰ দৰে সমবেদনাৰ সেই চকুৰ পানীতেই বনুৱাৰ সমাজখন চিৰ-সেউজীয়া হৈ আছে। সমদুখত নৰেশ্বৰৰো চকু চলচলীয়া হল। সি আতঙ্কত শুধিলে,—“মূৰত চাহ-পাতৰ টুকুৰি কিয় দিব?”

 “গোটেই দিনটো ৰদ-বৰষুণত মূৰত চাহ-পাতৰ টুকুৰি লৈ কলঘৰৰ সন্মুখত থিয়দি থাকিব লাগিব, লৰচৰ কৰিব নোৱাৰে; খাবলৈ যাব নোৱাৰে; চকিদাৰে পহৰাদি থাকিব। সৱ মানুহে তাক চিৰদিনলৈ চোৰ বুলি জানিব। এইটো লাজ-চৰমৰ কথা নহয় নেকি?”

 “দুই দিন এইদৰে থাকিলে কষ্ট নহব নে?” নৰেশ্বৰে সুধিলে।

 “কষ্ট নহব? লৰচৰ কৰিব নোৱাৰি ভৰি পাথৰ হৈ যাব; মূৰ ঘূৰি মৰি যাবও পাৰে। বেয়া বুলি ক'ত চাহ-পাত গুদামৰ পৰা দলিয়ায় পেলায়। এমুঠি চাহ-পাত নিয়াৰ দোষত তাতে বেচেৰাক বেতাইছে—আকৌ শাস্তি দিব। লোহাত মামৰে ধৰে; কলা মানুহৰ তেজ-মঙ্গহৰ দেহে কিমান সহ্য কৰিব?” চনিয়াৰ চকু-মুখ খং-বিদ্বেষত সেন্দুৰীয়া হল।

২০৫