সেউজী পাতৰ কাহিনী
“এই ৰকম কেচ কিমান আছে?” চাহাবে বৰ কেৰাণীৰ
মুখলৈ বিৰক্তিৰে চালে। বৰ কেৰাণীয়ে খচাখচ কাগজ লুটিয়াই
উত্তৰ দিলে-
“ৰতৌয়ে কলৰ পৰা চাহপাত চুৰি কৰাত হাতে হাতে ধৰা পৰিছে, ছাব।”
“ৰতৌয়ে আগেয়ে চুৰি কৰিছে?”
“হয় ছাব, আগেয়ে সি দুবাৰ চুৰি কৰি বেত খাইছিল।”
“ৰতউ আহিব লাগে।”
নিজে আগবাঢ়ি গলে শাস্তি কম হব বুলি ৰতৌ চাহাবৰ কাষ চাপিল। চাহাবে আকৌ সৌকাডাল লৈ ৰতৌৰ অৰ্দ্ধনগ্ন দেহত জধে-মধে কোবাবলৈ ধৰিলে। হাত দুখনৰে গাল-মুখ ৰক্ষা কৰিবলৈ চেষ্টা কৰি ৰতৌয়ে কলে, “হুজুৰ মা-বাপ আছে; মাফ কৰিব লাগে; আৰু চুৰি নকৰোঁ।” কথাৰ লগে লগে মাটীত দীঘলদি ভূতৰ ভয়ত সন্তানে মাকৰ বুকুত লুকাবলৈ চেষ্টা কৰাৰ দৰে চাহাবৰ দুই জোতাত আতুৰত আকোৱালি ধৰিলে। জোতাত লগা আলতীয়া বোকা আছাৰ মৰাৰ দৰে ৰতৌৰ হাতৰ বান্ধৰপৰা ভৰি এৰুৱাই চাহাব চকীত বহিলগৈ। ৰতৌৰ কলা দেহৰপৰা ওলোৱা ৰঙা তেজ দেখি সকলোৱে মুখৰ মাত ক্ষন্তেকলৈ হৰিল।
“বৰবাবু, ৰতৌক মূৰত চাহপাতৰ টুকুৰি দি দুই দিন কলঘৰৰ আগত থিয় কৰাব লাগে।” মেনেজাৰে ৰুমালৰে হাত-মুখ মছি খং মাৰ নিয়াবলৈ চকীত আউজিলে। বৰবাবুয়েও
২০৪