সেউজী পাতৰ কাহিনী
“ছাব, কেচ, ইজ, পেণ্ডিং ফৰ্ ওৱাণ্ট অৱ উইনেচ্।”
“অলৰাইট, অলৰাইট।” মেনেজাৰে কাগজত মন্তব্য লিখিলে।
“সুখদেৱে বেমাৰ বুলি দুদিন বাগানত হাজিৰা দিয়া নাই, ছাব; বিৰচা চৰ্দ্দাৰে কৈছে সি ঔ-গুৰি বাগিছাত ফালটু খাটিছে।”
“তাক হাজিৰ কৰিব লাগে।”
চাহাবৰ আদেশৰ লগে লগেই চৰ্দ্দাৰে সুখদেৱৰ হাতত ধৰি আজুৰি চাহাবৰ ওচৰলৈ আনিলে। মেজৰ ওপৰত পৰি থকা সৌকাডাল হাতত লৈ চাহাব চকীৰ পৰা উঠিল; হাতত সৌকা লৈ মেনেজাৰক আগবাঢ়ি অহা দেখিয়েই, “ফাল্টু কাম কৰা নাই হুজুৰ; মাইকীটোৰ বেমাৰৰ দাৱাই আনিবলৈহে গৈছিলো।” বুলি সুখদেৱে আঠুকাঢ়ি চাহাবৰ ভৰিত পৰি কাও-বাঁও কৰিলে।
“দাৱাই আমাৰ হচপিটেলত নাই?” সৌৰপ কৰে কোব লগাই মেনেজাৰে কলে।
“ডাক্তৰে ভাল দাৱাই নিদিয়ে হুজুৰ; সৱ পানী দাৱাই। অসমীয়া বস্তিৰ পৰা দাৱাই আনিবলৈ গৈছিলোঁ হুজুৰ।” সৌকাৰ কোব খাই খাই সুখদেৱে চিঞৰিলে।
“আমি আচ্চা দাৱাই দিব। একদম ভাল হৈ যাব।”
কোব খাই পলাব খোজোতেই চৰ্দ্দাৰে ধৰি ঘূৰাই আনিলে। দহ-কোব বেত পাই চিঞৰি বাখৰি সুখদেৱ যতে আছিল ততে শুই পৰিল। জেপৰ ৰুমালৰে মূৰৰ ঘাম মছি চাহাব পুনৰ চকীত বহিলহি।
২০৩