সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

পাহাৰৰ স্কোয়াচ ফল এটাহে যেন সুৰঙা দুটা কৰি বহুৱাই থোৱা হৈছে; মুখখনতকৈ মানুহটোৰ নাকটোতহে প্ৰথমে চকু পৰে। “চৰ্দ্দাৰে নিজেই দেখোন জানে।” তপিনাত হাত ফুৰাই ফুৰাই জখৌয়ে কলে; জুমটোৰ মানুহে কৌতুহলৰে জখৌক চালে।

 “চৰ্দ্দাৰে জানিলে নহয়; চাহাবক জনাব লাগে।” বৰ কেৰাণীয়ে ভেকাহি মাৰিলে।

 “শনিবাৰে বাগানৰপৰা যাওঁতে আমাৰ মতা-মাইকী দুয়োটাকে বিষ্ণুয়ে তাৰ ঘৰত পৰ্সাদ খাবলৈ মাতিলে। তাৰ চোতালত বহি পৰ্সাদ লওঁতে বিষ্ণুয়ে মোব তিৰোতাজনীক ভিতৰলৈ নিবলৈ হাতত ধৰিলে। মোৰ তিৰোতাক কিয় হাতত ধৰিছ বুলি মনা কৰাত চোতালৰ পৰা বাঁহ এচটা লৈ বিষ্ণুয়ে মোক মাৰিলে। তাৰ ঘৰৰ ভিতৰৰপৰা কেশৱ ওলাই আহি সিও মাৰ-ধৰ কৰাত ম‍ই পলাই আহিলোঁ।”

 “ঘৈণীয়েৰক বিষ্ণুৰ ঘৰত এৰি থৈ আহিলি? তয়ো দেখিছোঁ বৰ মতা?” বৰ কেৰাণীৰ নাকটো ঘৃণাত এফলীয়া হ'ল।

 “কি কৰিম? মাইকীৰ লগত জানটো দিমনে?”

 “কেশৱ আহিছনে নাই? ক-চোন ঘটনাটো কি?” দুবাৰ-তিনিবাৰ একেটা প্ৰশ্নকে সুধি বৰ কেৰাণীয়ে চাৰিওপিনে চকুৰে কেশৱক চলথ কৰিলে। কোনো উত্তৰ নাই।

 “কেশৱ কামত আজি হাজিৰ নাই।” দুৰ্জ্জন চৰ্দ্দাৰে জনালে।

২০২