সেউজী পাতৰ কাহিনী
মেনেজাৰৰ ধেমেলীয়া মন্তব্যত আড়ষ্টভাব ক্ষন্তেকলৈ
অন্তৰ্দ্ধান হোৱাত সকলোৰে মুখত আকৌ হাঁহি বিৰিঙিল। বৰ
কেৰাণীয়ে প্ৰশ্ন নৌ কৰোতেই কালিচৰণে উত্তৰ দিলে, “অহা
মাহৰ পূৰা জোনত ভোজ-ভাত হব হুজুৰ।”
“এতিয়া মিতিৰ হলিহঁক। কাজিয়া কন্দল নকৰি ঘৰলৈ উভতি যাহঁক।”
অভিৰণ, এতোৱা, কালিচৰণ, জোনাকী সকলোৱেই চাহাবৰ পিনে হাতজোৰ কৰি উঠিল। কালিচৰণৰ তিৰোতা জোনাকীৰ মুখত এমোকোৰা হাঁহি।
“এমিকেবলি চেটেল্ড চাৰ।”
কাম জনা ডেকা মাইকী এজনী বাগিছালৈ অহাৰ বাতৰিত সন্তোষ পাই চাহাবে কলে, “বৰবাবু, কৈ দিব লাগে ফিষ্টত আমি পাচ টকা বকচিচ, দিম।” চাহ গছৰ দৰে বাগিছাত গাভৰু তিৰোতাৰ প্ৰয়োজন বৰ কেৰাণী বুজে। বৰবাবুয়ে পুৰস্কাৰ ঘোষণা কৰাৰ লগে লগে জাউৰি জাউৰি চাপৰি পৰিল। যাব খোজা অভিৰণহঁতৰ দলটোয়ে দুয়ো হাত কপালত থৈ পুনৰ চাহাবক কৃতজ্ঞতাৰে চালাম ঠুকিলে।
“থেংকচ্ গড়।” অৱসাদত চাহাবে বাহু দুটা মেলি দিলে।
“জখৌ এতিয়া তোৰ গোচৰ ক।”
তপিনাটোত লাগি থকা খেৰ-কুটা হাতৰে জোকাৰি জখৌ উঠিল; গা-গাৰি নাইকিয়া মানুহটো; চুলি জপৰা; জাতিলাওটোৰ দৰে ঘূৰণীয়া মূৰটো। মুখখনৰ ওপৰত খাচিয়া
২০১