সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সেউজী পাতৰ কাহিনী

 “ৰংকৌ তোৰ কি কব লগা আছে ক।”

 “মোৰ নামত মিছাতে আখেজত চৰ্দ্দাৰে লগাইছে; মই বাঁহ কটা নাই।” উঠো নুঠোকৈ উঠি কথা কেইষাৰ কৈয়ে ৰংকৌ বহি পৰিল।

 “ৰংকৌক ওচৰত মাতিব লাগে।” চাহাবে কলে ৷

 “ৰংকৌ, ওচৰলৈ আহ।”

 বৰ কেৰাণীয়ে চাহাবৰ নির্দ্দেশ দোহাৰৰ লগে লগে আগন্তুক ভয়ে সকলোকে নিস্তব্ধ কৰিলে। কেইমিনিট মানলৈ কোনো সাৰি-শব্দ নাই ; অকস্মাতে দুম্, দুম্ শব্দ, ৰংকৌয়ে বহাৰপৰা উঠি লাইনৰ পিনে ভিৰাই লৰ মাৰিলে।

 “চৰ্দাৰ, যাহঁক যাহঁক, ধৰি আনগৈ।” বৰ কেৰাণীৰ আদেশত তিনি চাৰিজন চৰ্দ্দাৰে ৰংকৌৰ পিছে পিছে শিশুপাল খেদা দিলে; দুটা চৰ্দ্দাৰে দুই বাহুত ধৰি ৰংকৌক চাহাবৰ আগত হাজিৰ কৰিলে । ওচৰতে সৌকা হাতত লৈ থকা চৰ্দ্দাৰৰপৰা সৌকাডাল লৈ চাহাবে ৰংকৌক তিনি কোব মাৰি এৰি দিলে । ৰংকৌই প্রতিশোধৰ চকুৰে তাক ধৰি অনা চৰ্দ্দাৰ কেইটালৈ চাই মুখবে ভোৰ-ভোৰাই গুছি গল ৷

 “ঘূৰণ তই বাপেৰক মাৰিছিলি ?” বৰ কেৰাণীয়ে পঢ়া- কাগজৰ পৰা চকু তুলি সন্মুখলৈ চাই প্ৰশ্ন কৰিলে । “সি হাৰিয়া খাই বলিয়া হৈছিল বাবু; ম‍ই তাৰ দোষ এৰি দিছো।” ঘূৰণৰ হৈ বাপেক মনবোধে লৰালৰিকৈ উত্তৰ দিলে।

১৯৬