তাক আনি দিব লাগে। আমি অফিচৰপৰা চিঠি এখনব ড্ৰাফট
তৈয়াৰ কৰিছোঁ। চাহাবৰ হুকুম হলে পঠাব পাৰোঁ।”
“পঢ়িব লাগে।” বৰ কেৰাণীৰ মুখলৈ মূৰ তুলি চাহাবে নিৰ্দেশ দিলে।
Dear Sir,
“The marriage between Domari (male) of our garden with Kuari (female) of your garden was performed in January last. We have not yet received Transfer Slip for Kuari of your garden. Further, the boy says that the Transfer Slip was already sent to us by your clerk, which is not yet received. The bearer of this chit pro- ceeds to your garden with his marriage party to bring the girl here.
I shall be extremely grateful to you, if you send the girl here with a Transfer Slip with her husband Domari and party.”
“ঠিক আছে।” মেনেজাবে মূব দুপিয়ালে।
“এই দোমাৰি, তহঁত ছোৱালী আনিবলৈ কেতিয়া যাবি?”
“জেঠ মাহত আনিম।” দোমাৰিয়ে থিয় হৈ ঘোঁৰাৰ ফানৰদৰে কঁপালত পৰা চুলি বাওঁ হাতৰ আঙুলিবে আজুৰি মাত দিলে।
“বৰবাবু, কৈ দিব দোচোৰা বাগানত নিছা কৰি গণ্ডগোল
কৰিলে শাস্তি পাব।”
১৯৪