সেউজী পাতৰ কাহিনী
কঁপালত বহল চন্দনৰ ফোট, কঁকালত ৰঙা চুৰিয়া, হাতত
জোলোঙাটো লৈ হৰেশ্বৰ মৃতকৰ কাষ চাপিল। জোলোঙাৰপৰা
ৰঙা জবা ফুল এপাহি উলিয়াই লৰাটোৰ মূৰত থলে ; সাপে
খোঁটা ভৰিটোত আগতে বান্ধ এটা দিয়া আছিল ; হবেশ্বৰে অন্য
এটা বান্ধ কৰঙ্গনৰ ওচৰত দিলে। দুটা মলাত এৱা গাখীৰ
অনাই ঢাৰীৰ কাষতে থোৱালে । ৰঙা আঁচু স্বভাবে দুয়োটা
মলা সাপৰ ধাৰণী মন্ত্ৰেৰে বান্ধিলে । সাপে খোটা এৰাতি
এদিন শেষ হওঁ হওঁ ; সাপ বহু দূৰলৈ গৈছে; মন্ত্ৰৰ প্ৰভাৱত
ৰাতিৰ ভিতৰতে ওভোতাই আনিব নোৱাৰিলে লৰাটোক
জীওৱা কঠিন। তথাপি ওজাই শক্তি থাকে মানে ভক্তি কৰি
চাবলৈ ওলাল ।
লৰাটিৰ মূৰত হাত থৈ হৰেশ্বৰে মন্ত্ৰ মাতিলে । প্রথমে উচ্চ স্বৰে, তাৰ পিচত গুণ-গুণাই । কোনো সময়ত ওঠ-মুখৰ কঁপনিব পৰাহে মন্ত্ৰ উচ্চাৰণ কৰা বুলি অনুমান কৰিব পাৰি ৷ সন্ধিয়াৰ লগে লগে মন্ত্ৰ আওঁৰাইছে—আকাশত তেতিয়া মাথোন দুটা এটাহে তৰা ওলাইছিল। চাওঁতে চাওঁতে চ’ত মহীয়া আকাশত ফুল বছা সম্পূৰ্ণ হ'ল; কাষত দেখা দিয়া জোনটোয়ে বগুৱা বাই বাই থলপতা তৰাৰ মাজত সোমাল । টোপনিত লাল-কাল দি দুই এটাকৈ ভৰাই চকু মুদিলে ; জোনবাই ঢলি কাষলৈ বাগৰি পৰিল ৷ চোতালত গোটখোৱা মানুহৰ চকুতো তন্দ্ৰা তন্দ্রা ভাব ৷
অস্বস্তিকব নিস্তব্ধতাৰ মাজত হৰেশ্বৰ ওজাৰ মুখৰপৰা