সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী


কঁপালত বহল চন্দনৰ ফোট, কঁকালত ৰঙা চুৰিয়া, হাতত জোলোঙাটো লৈ হৰেশ্বৰ মৃতকৰ কাষ চাপিল। জোলোঙাৰপৰা ৰঙা জবা ফুল এপাহি উলিয়াই লৰাটোৰ মূৰত থলে ; সাপে খোঁটা ভৰিটোত আগতে বান্ধ এটা দিয়া আছিল ; হবেশ্বৰে অন্য এটা বান্ধ কৰঙ্গনৰ ওচৰত দিলে। দুটা মলাত এৱা গাখীৰ অনাই ঢাৰীৰ কাষতে থোৱালে । ৰঙা আঁচু স্বভাবে দুয়োটা মলা সাপৰ ধাৰণী মন্ত্ৰেৰে বান্ধিলে । সাপে খোটা এৰাতি এদিন শেষ হওঁ হওঁ ; সাপ বহু দূৰলৈ গৈছে; মন্ত্ৰৰ প্ৰভাৱত ৰাতিৰ ভিতৰতে ওভোতাই আনিব নোৱাৰিলে লৰাটোক জীওৱা কঠিন। তথাপি ওজাই শক্তি থাকে মানে ভক্তি কৰি চাবলৈ ওলাল ।

 লৰাটিৰ মূৰত হাত থৈ হৰেশ্বৰে মন্ত্ৰ মাতিলে । প্রথমে উচ্চ স্বৰে, তাৰ পিচত গুণ-গুণাই । কোনো সময়ত ওঠ-মুখৰ কঁপনিব পৰাহে মন্ত্ৰ উচ্চাৰণ কৰা বুলি অনুমান কৰিব পাৰি ৷ সন্ধিয়াৰ লগে লগে মন্ত্ৰ আওঁৰাইছে—আকাশত তেতিয়া মাথোন দুটা এটাহে তৰা ওলাইছিল। চাওঁতে চাওঁতে চ’ত মহীয়া আকাশত ফুল বছা সম্পূৰ্ণ হ'ল; কাষত দেখা দিয়া জোনটোয়ে বগুৱা বাই বাই থলপতা তৰাৰ মাজত সোমাল । টোপনিত লাল-কাল দি দুই এটাকৈ ভৰাই চকু মুদিলে ; জোনবাই ঢলি কাষলৈ বাগৰি পৰিল ৷ চোতালত গোটখোৱা মানুহৰ চকুতো তন্দ্ৰা তন্দ্রা ভাব ৷

 অস্বস্তিকব নিস্তব্ধতাৰ মাজত হৰেশ্বৰ ওজাৰ মুখৰপৰা

১৪