সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সেউজী পাতৰ কাহিনী


চনিয়াই বেগাবেগিকৈ আহি তাৰ হাতত ধৰিলে। নবেশ্বৰে মিলাৰৰ পিনে কেৰাহিকৈ চালে—কিজানিবা চাহাবে দেখিছেই, তলমূৰকৈ চাহাব কাগজ পঢ়াত মগ্ন।

  “এই চনিয়া, ইয়াত কি হৈছে?” লাহে লাহে নৰেশ্বৰে সুধিলে।

  “আজি বৃহস্পতিবাৰ; মেনেজাৰে কেচ সুধিব। মেনেজাৰৰ বেতৰ কোব কাৰ কাৰ পিঠিত পৰে ঠিক নাই।”

  “কিয়?” লগে লগে নৰেশ্বৰৰ বুকুৰ কঁপনি উঠিল।

  “অলপ ৰ। নিজেই চকুৰে দেখিবি।”

  “চাহাবে দেখে যদি?”

  “চাহাবে তোকহে চাই থাকিব? বহ। সৌ পাগুৰিমৰা চদাৰৰ পাগুৰিৰপৰা আমাক কোনেও নেদেখে।” নৰেশ্বৰৰ হাতখন টানি চনিয়াই জোৰকৈ বহুৱালে।

  “বৰবাবু, প্ৰথম কেচ কৰি আছে?” ফাইলৰপৰা মূৰ তুলি ওচৰতে থিয়হৈ থকা বৰ কেৰাণীক মিলাৰে সুধিলে।

 বৰ কেৰাণীয়ে মেজৰ ফাইলটো নিজৰ হাতত লৈ সমুখত বহি থকা কুলিবোৰলৈ চাই সুধিলে; “দোমাৰি আহিছনে নাই?”

  পিছপিনৰপৰা উত্তৰ আহিল, “আহিছোঁ বাবু।” আগৰ শাৰীৰ মানুহবোৰে মূৰ ঘূৰাই দোমাৰিলৈ উৎসুকেৰে চালে।

 “দোমাৰিয়ে চাৰ ঔ-টেঙা বাগিছাৰ ছোৱালী এজনী বিয়া

কৰিছে। সেই বাগিছাৰ চাহাবলৈ চিঠি লিখি ছোৱালীজনী

১৯৩