সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

 “দিব পাৰে।”

  “অলৰাইট চাৰ, গুডমৰ্নিং চাৰ” চালাম জনাই জামাদাৰ কুঠৰীৰ বাহিৰ ওলাল।

  মিলাৰে সোহা মাৰি চাহখিনি শেষ কৰিলে। নৰেশ্বৰে ওচৰ চাপি ফ্লাস্কৰ পৰা পুনৰ কাপত চাহ ঢালিবগৈ উপক্ৰম কৰাত চাহাবে হাতেৰে নিষেধ কৰিলে। ৰুমালেৰে মুখ মছি বিচকুটৰ টুকুৰাবোৰ কামিজৰ পৰা জোকাৰি পেলালে। বৰ কেৰাণী আকৌ সোমাই আহিল।

  “চাৰ, কুলিবোৰে আহি হাল্লা কৰিছে। আজি বহুত কেচ, শুনিবলৈ আছে।”

  “ঠিক আছে। সব কাগজ আনিব লাগে।” মিলাৰ বাহিৰলৈ ওলাই গ’ল।

  কাপ-ঠাল মেজৰপৰা তুলি বগা কাপোৰ খনৰে বান্ধি নৰেশ্বৰো বাহিৰ ওলাল।

  অফিচ ঘৰৰ সমুখৰ ঘাঁহনি পথাৰত মতা-মাইকীয়ে চিঞৰি চিঞৰি কথা-বতৰা পাতি বহিছে। মেনেজাৰ চাহাব আহি তেওঁলৈ সজাই থোৱা চকীত বহি সমুখৰ মেজৰ ফাইলটো মেলি পঢ়িবলৈ ললে। থিয়দি থকা কুলিবোৰো বহিল; চিঞৰ-বাখৰ কিছু শাম কাটিল। নৰেশ্বৰে হাতত টোপোলাটো লৈ জুমটোৰ কাষেদি যাওঁতেই চনিয়াই চিঞৰিলে; “এই নৰেশ্বৰ, কলৈ যাৱ?”

  নৰেশ্বৰে নুশুনাৰ ভাও জুৰি আঁতৰি যাব খুজিছিল;

১৯২