সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সেউজী পাতৰ কাহিনী

জোখ পৰা ঠাইতে কলি আৰু পাতৰ সৈতে ঠাৰিটো আঙুলিৰে আজোৰ মাৰি ছিঙিলে।

  “ধেৎ, সেই ৰকম ছিঙ্গিলে পাতে দুখ পাব, গছো মৰিব। বুকুৰ পোৱালি চুৰ কৰিলে মাকে নেকান্দিব নে? গছে-পাতে দুখ নোপোৱাকৈ মৰমেৰে ছিঙিবি।”

  অন্য এটা ঠাৰিত চনিয়াই ফুট-ডাল থিয় কৰাত নৰেশ্বৰে পুনৰ ছিঙিবলৈ চেষ্টা কৰিলে। ”

  “সব আঙুলি লগাই নাজুৰিবি? বুঢ়া আঙুলিৰ লগত দুটা আঙুলি লৈ টিপা মাৰি মচ্ কৰে ভাঙি দে।” নৰেশ্বৰৰ আঙুলি তিনিটা নিজৰ আঙুলিৰে জপাই ধৰি ঠাৰি ডালত লগাই দিলে। চনিয়াৰ আঙুলিৰ স্পৰ্শত নৰেশ্বৰৰ গোটেই দেহত পুলকৰ কদম ফুল ফুলিল; উত্তেজনাত গোটেই শৰীৰ কঁপিল। নৰেশ্বৰৰ নিশব্দ স্পন্দন চনিয়াৰ অন্তৰত বাজিলগৈ। উঠি অহা ওঠৰ হাঁহিটো দাতৰে কামুৰি বন্ধ কৰিবলৈ চেষ্টা কৰি অৰ্থপূৰ্ণ চাৱনিৰে চনিয়াই নৰেশ্বৰলৈ মূৰ তুলি চালে। ওঠ কামুৰি থকা চনিয়াৰ দাঁত পাৰি কামিনী ফুলৰ দৰে শুভ্ৰই নহয়, সুঘ্ৰাণো—নৰেশ্বৰে অনুভৱ কৰিলে।

 পাত ছিঙি থকা পাহীটো শেষ কৰি লগৰ মাইকীবোৰ এজনী এজনীকৈ আগৰ পাহীটোৰ মাজত সোমালগৈ। চনিয়াৰ ভাগৰ গছ কেইজোপাৰ পাত তোলা শেষ হোৱা নাই। সোঁ-বাওঁ দুই পিনৰ গছৰপৰা সমানে দুই হাতেৰে তাই খচ্খচ্ পাত তুলিবলৈ লাগিল। নৰেশ্বৰেও এটা এটাকৈ কুঁহিপাত

১৮৫