সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সেউজী পাতৰ কাহিনী


  পোৱালি মহৰীয়ে নৰেশ্বৰৰ গাত ঘোকোটা মাৰি কলে, "যা, যা, চনিয়াই মাতিছে—তই তাইৰ খচল ভৰাই দেগৈ।”

  পোৱালি মহৰীয়ে, চাহপাহীৰ মাজলৈ নৰেশ্বৰক প্ৰায় মৰমেৰে গটিয়াই পঠিয়ালে। জীৱনত কেতিয়াবা অকস্মাত স্বৰ্ণময় মুহূৰ্ত্তৰ উদয় হয়; সেই মুহূৰ্ত্তত মানুহে দ্বিধা লাজ সংকোচ বিনাবিচাৰে ত্যাগ কৰি গৌৰৱ অনুভৱ কৰে। দুখোজমান আগবঢ়াত নৰেশ্বৰৰ শহা মনত সিংহৰ বল সঞ্চাৰিত হল; লাজ দূৰ হ'ল; সাহ বাঢ়িল। সকলো তিৰোতাৰ কৌতুহলী চকুৰ সমুখেদি আগবাঢ়ি সি চনিয়াৰ কাষ ওলালগৈ।

  “দে, দে, ছিঙিবলৈ দেখুৱায় দে।আগলৈ আমাৰ ওপৰতে হাজিৰা বাবু হবহি। ”সাবিত্ৰীয়ে চনিয়ালৈ চাই কলে।

 দূৰৈৰ পৰা পৰিহাসৰে দসোদাই সুধিলে, “পোৱালি মহৰীয়ে তোক চনিয়া এৰিলেনে কি?”

  “মন গৈছে যদি পোৱালি মহৰীত তয়ে সোমাগৈ!” চনিয়াৰ স্বৰত কপট খং।

 পোৱালি মহৰীয়ে তৃপ্তিত মুখ ঘূৰাই তৰ্কা-তৰ্কিখিনি নুশুনাৰ ভাও জুৰিলে।

 “আগেয়ে ফুট মাৰি লবি; ফুটৰ ওপৰৰ ঠাৰিটো পাত দুটা কলিটোৰে ছিঙিবি।” হাতত থকা পাঁচ ইঞ্চীয়া বাঁহৰ শলাডাল পূৰ্ব্বে কলম দিয়া চাহ গছৰ ডালটোৰ ওপৰত থিয় কৰি কেনেকৈ ফুটৰ জোখ লব লাগে চনিয়াই দেখুৱাই দিলে।

নৰেশ্বৰে সেই

১৮৪