সেউজী পাতৰ কাহিনী
এতিয়া সাধুকথাত পৰিণত হৈছে— সঁচা-মিছাৰে অতিৰঞ্জিত হৈ।
সেই দিনত গাঁৱত বৈদ্য-কবিৰাজ নাছিল। ওজাইবেজ, বেজেই
কবিৰাজ; অৰ্থাৎ জৰা-ফুকা মন্ত্ৰ সাধনৰ লগে লগে বেজে বংশ
পৰম্পৰা চলি অহা বন-দৰবৰ দিহাও কৰিছিল। দেৱেশ্বৰৰ পূৰ্ব্ব-
পুৰুষ হৰেশ্বৰে বেজালিৰ লগতে বন দৰবৰ ব্যৱস্থা দিছিল।
হবেশ্বৰে আৰোগ্য কৰিব নোৱাৰা ব্যাধিয়েই নাছিল; যদি
কোনো দূৰা-ৰোগ্য আছিল, সি বৈদ্য-ধনন্তৰীৰো অসাধ্য। গাঁৱৰ
মূৰ শ্মশানত অমাৱস্যা নিশা শৱ সাধন কৰি হৰেশ্বৰে সিদ্ধি
লাভ কৰিছিল বুলিও মানুহে ভাবিছিল।
আহোম স্বৰ্গদেৱ গৌৰীনাথ সিংহৰ দিনত,
লিগিৰী ৰংদৈৰ একমাত্ৰ সন্তানক সাপে খোটে।
তেওঁৰ হাত ধৰা ৰংদৈয়ে কান্দি-কাটি গগন বিদাৰি স্বৰ্গদেৱক মিনতি জনালে—দেশৰ যি কোনো
ঠাইৰপৰা বেজ-বৈদ্য আনি লৰাটো জীয়াব লাগে। লৰাই
প্ৰাণ নেপালে মাককো একেলগে মৈদামত পুতিব লাগিব।
ৰংদৈ স্বৰ্গদেৱৰ হাত-বাত কৰা চেনেহৰ লিগিৰী : স্বৰ্গদেৱে
মৰম-বেথা কৰি ৰংদৈক সোণৰ খাৰু পিন্ধিবলৈ অনুমতি দিছিল।
তেনে গৰাকী ৰূপহী লিগিৰীৰ বিপদত স্বৰ্গদেৱে সহায় নকৰাকৈ
থাকে কেনেকৈ? স্বৰ্গদেৱৰ আদেশ বিজুলী সঞ্চাৰে চাৰিওদিশে
প্ৰচাৰ হ'ল। চাওঁতে চাওঁতে নানা ঠাইৰপৰা বেজ-জ্ঞানী
ৰংদৈৰ ভিতৰ চোতালত গোট খালেহি; জৰা-ফুকা পূজা-পাতল
ৰাজকীয় সমাৰোহবেই আৰম্ভ হ'ল। কিন্তু নিৰ্জ্জীৱ দেহত
প্ৰাণ সঞ্চাৰৰ কোনো প্ৰমাণেই নোলাল!