“নাচিব নেজানো।”
“ধেৎ, নাচিবলৈ জানিব লাগে? খোজ কাঢ়িব জানিলেই নাচিব জানিবি—মাত মাতিব শিকিলেই গান গাব পাৰিবি।” তাইৰ মুখৰ হাঁহিৰ শিহৰণে সেউজীয়া চাহ-পাত জগাই তুলিলে।
“তই শিকাই দে”, ৰাধুৰ গাত চিকুট মাৰি লখুয়ে কলে।
“মই কেলৈ শিকাবলৈ যাম? তাক শিকাবলৈ মাইকী আছে নহয়?” কৌতুকৰ হাঁহিয়ে আকৌ শিহৰণ তুলিলে।
বুজা-নুবুজাৰ ভাৱত লখুয়ে সুধিলে।
“কোন?”
“তহঁতৰ চনিয়া।” উত্তৰত ঠাট্টাৰ সুৰ।
“গাৱঁৰ ডেকাই বগা ছোৱালীকহে বিচাৰে। বাগিছাত সোমায়ে চনিয়াক তাৰ পছন্দ হৈছে।” আনন্দত বঢ়াই কোৱা দোষৰ নহয় বুলিয়েই ৰাধুয়ে কলে।
“আমাৰ কলা চুলিৰ মাজত চনিয়া পকা চুলি।” কিছু ব্যথা, কিছু অনুযোগ লখুৰ কথাত মিহলি।
“সেইহে তাইৰ কুলিৰ ডেকাত মন নবহে। বাগিছাৰ পৰা পলাওঁ পলাওঁ কৰি আছে। নৰেশ্বৰৰ লগতে কেতিয়াবা উধাও হব।” বিদ্ৰূপ মিহলি চকু দুটিৰে নৰেশ্বৰলৈ ৰাধুয়ে কেৰাহিকৈ চালে।
কথাৰ সুৰ সলনি কৰিবলৈ নৰেশ্বৰে সুধিলে, “বাগিছা এৰিবৰ তহঁতৰ জানো মন নেযায়?”
“কি দুখত বাগিছা এৰিম? আইৰ বুকুৰ পিয়াহ খাই চাহ- গছৰ মাজে মাজে ডাঙৰ হৈছোঁ; চাহ গছৰ মাজতে সৰুতে