সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

ভঙ্গিত আগবঢ়াই দিয়া হাত দুখনে সাপৰ ফেটৰ দৰেহে যেন খুটিবলৈ আহিল।

 “বহি বহি কি চাইছ? তই চাহাবনে বাবু? চিকাৰ কৰিবলৈ ভয় কৰিছ?” কোমল বতাহত মুখৰ চাৰিওপিনে সিচঁৰতি হৈ পৰা চুলিবোৰ আঁতৰাই মাদলৰ চেৱে চেৱে ভৰি চলাই কলে,—“সেইয়া, কি গাইছে, বুজিছ? আমাৰ মানুহ সব চিকাৰলৈ গৈছে। দেখিছে লাং চৰাই ( ম’ৰা চৰাই ); তাৰ নেজটো দীঘল আছে। এটা মানুহে কৈছে—যি পিনে বহুত মানুহ আছে, সেই পিনে লাং পলাইছে; মাৰ মাৰ চিঞঁৰিছে; তীৰ মাৰিছে। পাখিত লাগিল—মানুহে চিঞঁৰিছে— লাগিলে, লাগিলে। কত পৰিল সুধিছে। বিচাৰি যাওঁতে পাইছে মাটীৰ ঢেলা—তাতে তেজ। তেজৰ চিনে চিনে গৈ পালে চৰাইটো।” কথা খিনি কৈ কিছু ক্ষান্ত হৈ নৰেশ্বৰৰ হাতটো আজুৰিলে, “আহ্ আহ্ মধু খাবি—আমাৰ লগত নাচিবি আহ্।” বাপেকৰ বহুদিনৰ উপদেশ নৰেশ্বৰৰ মনত পৰিল – যাবনলগীয়া ঠাইলৈ গলে মানুহে কষ্ট পায়। কিন্তু এতিয়া সি কৰিব কি? এনেতে ৰাধুৰ মাকে তাইক ঠেলা মাৰি কলে, “এই দুম্কী তোৰ বেচি নিছা লাগিছে; ঘৰলৈ যাগৈ। তাক কেলৈ টানিছ?”

 “টনা নাই নহয়, ইলি (মধু) খাবলৈহে মাতিছোঁ।” দুম্কীয়ে নাচি নাচি গুণ-গুণাই গাই আঁতৰি গল—

এলোৰে দোলাৰে সেতাইতানা
ৰিচি লেকাচিৰেমে আচুলিঙা

১৬৮