এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তেৰা তুনিপে লাংদো বিয়ানা
বয়না ভাই
বিয়ানা বয়না।
তেবা তেৰাঙ্গিপে দোৰাদো তিপাৰা
তোপোৰা ভাই
তিপাৰা তোপোৰা।
তেৰা তুইকি লাংদো বিয়ানা বয়না ভাই
বিয়ানা বয়না।
তেৰা থগে জান চুতিমা কানাচোৰ ভাই
চুতিমা কানাচোৰ
ভাই চুতিমা কানাচোৰ
তেৰা থোগিজান দোৰাদো ছুৰামাচেৰম
ৰে ভাই ছুৰামাচেৰম ৰে।
তেৰা মাইংকে দেলকা বুৰুৰে ভাই
দেলকা বুৰুৰে।
মাদলত চাপৰ দ্ৰুত হোৱাৰ লগে লগে উত্তেজনা বাঢ়িল— দুৰ্জ্জন চৰ্দ্দাৰৰ জাপৰ উচ্চতাও ওখ হল। নৰেশ্বৰে সেই সমদল নৃত্য বিস্ময়ে বিমুগ্ধভাৱে চাই ৰল। হঠাতে পিঠিত কেচুৱা বন্ধা তিৰোতা এগৰাকী নৰেশ্বৰৰ সমুখ হল; নৰেশ্বৰৰ মুখলৈ মুখখন আগবঢ়াই দিয়াত মূৰমুৱে (নাকৰ আঙঠিটোয়ে) নৰেশ্বৰৰ মুখত স্পৰ্শ কৰিলে। ৰূপৰ খাৰুৰে লানী পাতি থকা নাচোনৰ