সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কৌতুকত চনিয়াৰ চকু দুটা আন্ধাৰ নিশা জোনাকী পৰুৱাব দৰে তিৰবিৰাই উঠিল।

 “ধ্যেৎ কি কথা কৱ!” সুখৰামৰ কাষৰপৰা নৰেশ্বৰে কিছু আঁতৰি আহি কলে, “দুকুৰীয়া বছৰীয়া তিৰোতা!”

 “দুকুৰী বছৰীয়া হলে কি হব? কুৰি বছৰীয়া গাভৰুতকৈ মুখত খোৱা ধপাতৰ দৰে আলোমণিয়ে বেছি মতলীয়া কৰিব। পুৰণি হলেহে তিৰোতাৰ চোক বেচি; বুজিছ?” ওচৰৰ তিৰোতা গৰাকীয়ে হাৰিয়াৰ ৰাগীত ঢলি ঢলি উপযাচিয়েই মাতিলে। বুঢ়ীৰ কথাত মন নিদি চনিয়াৰ লগত কথা-বতৰা আৰম্ভ কৰাত তাই হাঁহি হাঁহি আকৌ কলে,–“তোৰ চনিয়াকহে পছন্দ হৈছে? চনিয়াৰে তোৰে ৰঙৰ মিল আছে। ভিন গছৰ ভিন পাত। চনিয়া চাহপাত নহয় নিমপাত। চনিয়াৰ নিছাই তোক তিতা লগাব।” বয়সৰ হেতু বহু তিৰোতাই প্ৰেম কৰিবলৈ অক্ষম; সেই তিৰোতাই প্ৰেমৰ প্ৰসঙ্গ উত্থাপন কৰি সঙ্গম সন্তোষ লাভ কৰিবলৈ বিচাৰে। উপযাচি কথা কোৱা জনী সেই জাতৰ৷

 “তিতা লগাম নে মিঠা লগাম নৌ খাওঁতেই সি কেনেকৈ বুজিব?” কথাৰ লগে লগে চনিয়াই নৰেশ্বৰক ঠেলামাৰি অকস্মাতে চেউৰীৰ দৰে চেকুৰি অন্তৰ্দ্ধান হ'ল। বনৰীয়া হৰিণীৰ দবে চনিয়াৰ স্বভাৱ, চলাৰ ভঙ্গীও শৃঙ্খলাশূন্য। তাইৰ ব্যৱহাৰত নৰেশ্বৰৰ খং নুঠিল; ওচৰতে অনাহকতে লেবলেবাই থকা তিৰোতাজনীলৈ চাই সি মাথোন হাঁহিলে। সেই হাঁহিব আশ্বাসত তিৰোতা গৰাকীয়ে