মানুহৰ দৰে সমাজৰ ভয়ত বাহিৰত স্বামী-স্ত্ৰীৰ সম্বন্ধ দেখুৱাই কুলি তিৰোতাই ভালপোৱাৰ ভাও নোজোৰে; মিছাক ঢাকিব- লৈ গোপন চেষ্টাও নকৰে। অসতী তিৰোতা গাৱঁত নোহোৱা নহয়; কিন্তু নিজৰ স্বামীৰ সমুখত পৰপুৰুষক ভালপোৱা দেখুৱাবলৈ কেইজনী তিৰোতাই সাহ কৰিব পাৰে? কেইজন পুৰুষৰেই বা ঈৰ্ষা-দ্বেষ এৰি নিজৰ বিবাহিতা তিৰোতাক সেই তিৰোতাই ভালপোৱা জনৰ হাতত সমৰ্পণ কৰিবলৈ শক্তি আছে? তিৰোতাৰ ওপৰত সৰ্ব্বস্বত্ত্ব সংৰক্ষণ নীতিৰেই গাৱঁৰ সমাজ চিৰদিন চলি আছে। বাগিছাৰ মানুহবোৰ চলি আছে আদিম মানুহৰ দৰে জীৱনৰ মূল ধৰ্ম্মটোক আশ্ৰয় কৰি। পদে পদে পাপ-পুণ্যৰ বিচাৰ কৰি চলিবলৈ হলে জীৱনৰ মাধুৰ্য্যই মৰহি যাব। সুখ সঙ্গ আনন্দ উৎসৱ লৈয়েতো জীৱন—এইবোৰৰ অস্বীকাৰ কেৱল মূৰ্খতা নহয়—মৃত্যু। আউল লগা সূঁতাৰ জত ভাঙ্গিবলৈ চেৰেকিত লোৱাৰ দৰে নৰেশ্বৰে পাপ-পুণ্যৰ কথা মনত পাগুলি থাকোঁতেই চনিয়াই কৰবাৰ পৰা আহি তাৰ পিঠিত ঢকা এটা মাৰিলেহি। নৰেশ্বৰৰ চিন্তাত ব্যাঘাত পৰিল।
“এই, ইয়াত জুপুকা মাৰি কি কৰিছ? নিছা লাগিছে হবলা?” ওচৰত বহি চনিয়াই শুধিলে।
“মধুৰ নিছা নহয়,—আলোমণিৰ নিছাহে।” অলপ আঁতৰৰ পৰা আদবয়সীয়া এজনীয়ে মাদকতা ভৰা শৰীৰটো হলাই নিজৰ ৰসিকতাৰে খিল্-খিল্কৈ হাঁহি মাত দিলে।
“আলোমণিৰ নিছাত মাতাল হলি?” কথাৰ লগে লগে