কাষলৈ আহিবলৈ ইঙ্গিত কৰিলে। নিজৰ জীৱন কাহিনী আনে উৎসাহৰে কাণ দিলে বুঢ়ামানুহে জীৱনৰ সকলো গোপন কথা দ্বিধা সংকোচ নোহোৱাকৈ প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে। নৰেশ্বৰে তাকে শুনিবলৈ বুঢ়াৰ গাত গা লগাই বহিল।
“আলোমণিৰ নাচ দেখিলি?”
নৰেশ্বৰে সমৰ্থনত মূৰ জোকাৰিলে।
“আলোমণিৰ আজি কি নাচ? গোটেই নিশাটো তাই একেৰাহে নাচিব পাৰিছিল। মাদল বজাই ৰজাই বুধু ভাগৰি পৰে—বুধুৰ দেহা ঘামত জুৰুলি-জুপুৰি হলেও আলোমণিৰ ভাগৰ নাই৷” অলপ পৰ ৰৈ বুঢ়াই পুনৰ কলে, “দুয়োটাৰে বেচ মনৰো মিল হৈছিল। আলোমণিক মই কতবাৰ কৈছিলোঁ —বুধুৰ লগত ঘৰ সংসাৰ পাতিবলৈ। তাই কোনো পধ্যেই ৰাজী নহল। তাই বোলে দেহটোহে বুধুক দিছে — মনটোৰে মোক বান্ধি থৈছে। হয়ো, এদিনলৈকে তাই মোৰ মনত দুই দিয়া নাই। কলঘৰৰ চিলিঙৰ পৰা পৰি কঁকাল ভাঙি কাম কৰিব নোৱাৰাৰ পিছৰ পৰাই তাই মোক কোলাৰ কেচুৱাৰ দৰে খুৱাই পিন্ধাই জীয়াই ৰাখিছে। মই বাৰু কিহৰ জগৰত আপোনপেটীয়া হম? তাইক নিজে যি সুখ দিব নোৱাৰোঁ, সেই সুখ আনৰ পৰা লবলৈ গলে বেজাৰ কিয় পাম? তৃপ্তি যি দিব পাৰে, তিৰোতাই জানো তাৰে সঙ্গ নিবিচাৰিব?”
সুখৰামৰ নিচিনা সাধাৰণ কুলিৰ মুখত এইবোৰ কথা শুনি নৰেশ্বৰ বিস্ময়ত অভিভূত হল। নুবুজিলেও বাপেকৰ