সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গিৰিয়েকৰ মুখখন মছি কলে, “কি চাইছ? ইমান বছৰ চাই চাই হেপাহ পলোৱা নাইনে?” তিনিকুৰি পাৰ হৈ যোৱা সুখৰামে সোলামুখ মেলি ঢেক্‌-ঢেক্‌কৈ হাঁহিলে। ওচৰতে বহি থকা নৰেশ্বৰলৈ চাই আলোমণিয়ে কলে, “দেখিছ, আমাৰ বুঢ়াৰ এতিয়াও তেজ গৰম। পাৰিলে আজিও তিৰোতাৰ ওপৰত জপিয়ায়।” কথাষাৰ শেষ কৰিয়েই বুঢ়াৰ গাল দুখনত চপৰিয়াই দুই হাতেৰে মূৰটো বুকুৰ ওখ মাংসপিণ্ড দুখণ্ডৰ মাজত সুমুৱালে। গালে মুখে অজস্ৰ চুমা দি হাত দুখনৰ স্নেহৰ বান্ধটো লাহে লাহে মুকলি কৰি দিলে। মাকৰ বুকুৰপৰা মূৰ তোলা সন্তানৰ দৰে সুখৰামে আলোমণিলৈ চালে। আধা চোবোৱা পিঠাখনৰ আকৃতিৰ জোনৰ পোহৰত গিৰিয়েকৰ মিনতি ভৰা চকু দুটালৈ লক্ষ্য কৰি আলোমণিয়ে সুধিলে, “হেপাহ পলোৱা নাই?” মাকে সন্তানৰ গালত ঘঁহাৰ দৰে বুঢ়াৰ দুই গালত মৰমত মুখখন ঘঁহি দিহে। বেলি নোহোৱা বতৰতো সূৰ্য্যমুখী ফুল ফুলাৰ দৰে সেই বয়সতো আলোমণিৰ দেহ-মন যৌৱনবে উদ্ভাসিত হল।

 “যাৱনে কি?” আলোমণিৰ হাতত নিজৰ হাতখন ফুৰাই সুখৰামে সুধিলে।

 “হিংসা হৈছে?” গিৰিয়েকৰ হাতটো লাহে লাহে থপৰিয়াই কলে।

 “কেতিয়াবা জানো হিংসা কৰিছোঁ? তই মোক যি দিছে— সেয়ে মোৰ মহা ভাগ্য। হিংসা কৰি কেলৈ নিজে ডেই পুৰিম