সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কিয়নো মধু মদ নহয়, মহাদেৱৰ প্ৰসাদ ; জর্জ্জৰিত জীৱনৰ অমৃত।

 বুধুৰ লগত নৰেশ্বৰক দেখি আলোমণিয়ে দূৰৈৰ পৰা সুধিলে, “বুধু, তোৰ লগত এইটো কোন ?”

 “নৰেশ্বৰ, চাহাবৰ বঙলাত নতুনকৈ সোমাইছে।”

 “আহ্ আহ্”, চাহাবৰ বঙলাৰ নাম শুনি আলোমণিয়ে ব্যগ্ৰ হৈ মৰাপাটৰ চট এডোখৰ নৰেশ্বৰক বহিবলৈ আগবঢ়ালে। নৰেশ্বৰক আলোমণিৰ ওচৰত বহুৱাই প্ৰসাদ ধৰিবলৈ বুধু ভিতৰলৈ সোমাল-মানুহৰ চকুৰ আঁৰ কৈ মেকুৰীয়ে চিকাৰৰ মঙহ খোৱাৰ দৰে ।

 আলোমণিৰ দীঘল চুলিৰ বৰ্ণনা নৰেশ্বৰে অলপ আগতে বুধুৰ পৰা শুনিছিল ; তাইৰ জিভাৰ পৰিচয় এতিয়া নিজেই পালে৷

 “তই অসমীয়া ? পৰ্সাদ নলৱ ?” হাঁহি নৰেশ্বৰলৈ চাই আলোমণিয়ে পুনৰ কলে, “বাগিছাত থাকিলে পৰ্সাদ নেখাই কেনেকৈ জী থাকিবি ? চাহাবৰ দৰে বটলৰ খাবলৈ পইচা আছে ক'ত? বটলৰ খোৱাও ভাল নহয় — বটলে মানুহক মাতাল কৰে। মই নাটল চাহাবকে দেখিছোঁ নহয়; মদ খালে মস্ত মাতাল-একেবাৰে বনৰীয়া জানোৱাৰ। আমাৰ পৰ্সাদ খাবি, গা ঠাণ্ডা হৈ যাব ।”

 নৰেশ্বৰে মিচিক্ মিচিক্‌ হাঁহি আলোমণিৰ কথা শুনিছিল। লেমৰ পোহৰতকৈ ন-দিনীয়া শুক্ল পক্ষৰ জোনৰ বেছি পোহৰ ; তাতে আলোমণিৰ চোতালত জোনটো হাঁহিত বাগৰি