সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 ঘৰ্ম্মাক্ত কলেৱৰ আৰু স্নিগ্ধ শান্তিৰে বুধু যেতিয়া ওলাই আহিল—পিৰালিৰ ছাঁত বহি সুখৰামে তেতিয়া তৃপ্তিৰে মুখত চাধা সুমুৱাইছে। সুখৰামক নেদেখা ভাও জুৰি আগবাঢ়ি গৈ উৎকণ্ঠাত পিছলৈ এবাৰ মুখ ঘুৰালে; সুখৰামে একেৰাহে বুধুলৈ চাই আছিল। সেই কৰুণ চাহনিত বিকলাঙ্গ দেহৰ সঙ্গম-অক্ষমতাই মূৰ্ত্ত হৈ পৰিছিল। সেই অবিস্মৰণীয় দুপৰীয়া- টোৰ কথা ভাবি বুধু আজিও আনন্দত বিভোৰ হয়। সেই দিনাই বুধুয়ে সৰ্ব্ব প্ৰথম উপলব্ধি কৰিছিল সৃষ্টিৰ ৰহস্য। নাৰীৰ দেহত পুৰুষৰ মুক্তি; তাৰ পিছত অনেক দিন আলোমণিৰ দেহ-প্ৰসাদ সি লাভ কৰিছে। কিন্তু পিছৰ দিনবোৰ মনলৈ আনিছিল অস্বস্তি, অৱসাদ।

 চাহ-গছৰ মাজে মাজে খোজ লওঁতে নৰেশ্বৰক বুধুয়ে তাৰ এই সেউজীয়া জীৱন-কবিতা শুনাই গল।

 দুটা ডেকাই মাদল বজাইছে; মতা-তিৰোতা চোতালত জুম পাতি বহিছে; প্ৰত্যেক জুনৰ মাজত থকা হাৰিকেন লেম্প মাদলৰ চাপৰৰ লগে লগে মিট্‌মিট্‌কৈ জ্বলিছে। কেইজন মানে হাৰিয়া খাই সুখৰামৰ ঘৰৰ ভিতৰৰপৰা ওলাই আহিছে; জুমৰ মাজৰ পৰাও মাজে মাজে দুই-এজনে প্ৰসাদ ধৰিবলৈ ভিতৰ সোমাইছে। আলোমণিয়ে নিপুণ হাতৰে মধু তৈয়াৰ কৰি হাড়িয়ে হাড়িয়ে সজাই থৈছিল; যাৰ যিমান ইচ্ছা মনৰ হেপাহেৰে বাতি ভৰাই কোট- কোটকৈ পি-ছে। সৰু সৰু লৰা-ছোৱালীৰো নিষেধ নাই;