সেউজী পাতৰ কাহিনী
হাঁহিৰে কৃতজ্ঞতা প্ৰকাশ কৰিলে। গিৰিয়েকৰ কাষলৈ চুচৰি
গৈ কলে, “লৰাটো পছন্দ হৈছে; মোৰ বয়ৰ কাম কৰিব।”
“বেচ্।”
মটৰ হেড লাইটৰ পোহৰ আলিটোৰ লগে লগে আগবাঢ়ি
গৈছে; মিচেচ মিলাৰে উত্ৰাৱল হৈ আকৌ চিঞৰিলে, “চোঁৱা
চোৱা, শহা।”
হেডলাইটৰ চোকা পোহৰে চকু চমক মাৰি ধৰাত শহা
পহুটো মাজ বাটতে বহি ৰল।
“স্পিড দিলেই গাৰীৰ তলত পৰিব।” মিলাৰে কলে।
ষ্টিয়াৰিং ধৰি থকা মিলাৰৰ হাত দুখনত হাত থৈ মিচেচ
মিলাৰে অনুনয়ৰ সুৰত কলে,— “নহয়, নহয়, মূৰ্খামি নকৰিবা।
শহা চেপিবলৈ যাওঁতে পুনৰ মটৰ অচল হব। শহাৰ মাংস
খায়ে৷ সুখ নাই।”
শহাটোক একলীয়া কৰি যাওঁতে গাৰী প্ৰায় কাষৰ খাৱৈত
পৰোঁ পৰোঁ। আগন্তুক বিপদৰ পৰা কথমপি ৰক্ষা পাই মিচেচ
মিলাৰে দীৰ্ঘ নিশ্বাস টানিলে; সেমেকা বতাহে আউল লগোৱা
চুলি কেইডাল হাতৰে সামৰি লৈ স্বস্তিত চকু জপালে।
পিছৰ আসনত নবেশ্বৰ অকলে —তাৰ চকু-মুখত ব্যগ্ৰ
উৎসুকতা; গাৰীৰ চাকাৰ ঘূৰণীত তাৰ মূৰটোও যেন ঘূৰিল।
পক্ষীৰাজ ঘোঁৰাত উঠি সি স্বৰ্গৰাজ্যলৈ যাত্ৰা কৰিছে—
দেৱ-দেৱীৰ লগত—তদ্ৰাকাতৰ নৰেশ্বৰৰ মনৰ কল্পনা।