“আহ, আহ,, অলপ জুৰাই পাদ লৈ যা।” বদৰ তাপত মুকুতাৰ মণিৰ দৰে কপালত থুপ খোৱা ঘামখিনি আচলবে মছি চকুৰ কোণৰ হাঁহিৰে আলোমণিয়ে নিমন্ত্ৰণ জনালে।
বুধুয়ে প্ৰসাদৰ যদি আগেয়ে লোৱা নাই; আলোমণিৰ তাপৰ পৰাও ইমানদিন সি আঁতৰি ফুৰিছে। অনিচ্ছাসত্ত্বেও ক্ষন্তেক ৰৈ সি কলে, “পৰ্সাদ-তৰ্সাদ মোক নেলাগে; পৰ্সাদ খালে মই চাহাবৰ বটলৰে খাম।” খোজ আগবঢ়ালে।
“চাহাবে পৰ্সাদ নিদিয়ে,—চাবুকহে দিব। আহ, আহ, আলোমণিয়ে নিজে তোক পৰ্সাদ খুৱাব।”
চোৰাত পাতৰ দৰে আলোমণিৰ খহটা জিভাৰপৰা ওলোৱা কথাই বুধুৰ মনত বিজ-বিজালে; দুখোজমান পিছলৈ হুহঁকি বুধুয়ে আলোমণিৰ মুখলৈ চাওঁ নেচাওঁকৈ চালে। আলোমণিৰ চকুৰ পৰা ওলোৱা বিদ্ৰূপৰ শৰে যথাস্থানতে বিন্ধিলেগৈ; বুধুৰ মুখৰ বৰণ পিছ মুহূৰ্ত্ততে সলনি হ'ল—ৰোলিং মিলত ঘূৰি সেউজীয়া পাত তাম বৰণীয়া হোৱাৰ দৰে।
“আহ, আহ, ভিতৰলৈ আহ,।” জপনা পাৰ হৈ আলোমণিয়ে বুধুক হুকুম দিলে।
আলোমণিৰ চকুৰ চাহনিয়েই যথেষ্ঠ; নাৰী হৃদয়ৰ সকলো আদেশ তাৰ মাজেদিয়েই দিয়া হৈ গল। আলোমনিয়ে বাট দেখুৱালে—বুধুয়ে ভেড়াৰ দৰে অনুসৰণ কৰিলে। সৃষ্টি পাতনিৰে পৰা নাৰীয়ে যি কলা-কৌশলেৰে পুৰুষক জয় কৰি আহিছে— আলোমণিৰ ক্ষেত্ৰত সি পুনৰাবৃত্তিহে মাথোন।
১৫৩