বা-বাতৰি লবলৈ গৈছিল— আলোমণিৰ লগত তাতে দেখা-শুনা।
নিপোটল বুকু, সুঠাম শৰীৰ; ৰঙা শাৰীখনৰ পিছ পিনে
সিঁচৰতি হৈ থকা দীঘল চুলি একোছা কঁকাল বাগৰি পৰিছিল;
একোছাই সৌন্দৰ্য্যৰ গৰ্ব্বত ওফন্দি উঠা অৰ্দ্ধ-আবৃত বুকুখনক
হেঁচা দি ধৰিছিল। তামোল খাই সেলেঙি লগোৱা ওঠ দুটা
ৰঙা চন্দনৰ ফোঁট দিবলৈ ওলোৱা পূজাৰীৰ আঙুলিহে। চুৰ্ম্মা-
সনা চকুৰ হাঁহিত অলেখ সাধুকথা। বুধুলৈ চাই অনাহকতে
খিল্-খিল্ কৈ যেতিয়া হাঁহিছিল—সেই হাঁহিত গোটেই দেহ
অগ্নি-শিখাত পৰিণত হৈছিল। সুখৰামৰ ঘৰৰ সমুখেদি অহা-
যোৱা কৰাৰ উমান পালেই আলোমণিয়ে পদূলি মূৰলৈ ওলাই
চকুৰ অগোচৰ নোহোৱালৈকে বুধুব লোভনীয় দেহাটোলৈ চাই
থাকে। কি প্ৰথৰ সেই চাহনি—চিকাৰীৰ নিৰ্দ্দিষ্ট চকুহে যেন
বনৰীয়া জন্তুৰ ওপৰত
—চ'ত মাহৰ ভৰ দুপৰীয়া। মতা-তিৰোতা, লৰা-ছোৱালী সকলো বাগিছাত; লাইন নিস্তব্ধ। পুৰণা লাইনৰ সিপাৰে থকা বাগিছা খণ্ডৰ ( চেক্সনৰ ) মহৰীক চাহাবে দিয়া অৰ্ডাৰ জনাবলৈ বুধু খৰখেদাকৈ গৈছে। মানুহৰ ভৰিৰ খোজৰ উমান পায়ে, আলোমণিয়ে দুৱাৰ মুখৰ পৰাই চিঞৰিলে,—“এই চাহাবৰ চাকৰ; দুপৰীয়া ৰ’দত হন্ হন্ কৈ ক'ত মৰিবলৈ যাৱ?”
খোজৰ বেগ কমাই বুধুয়ে, এফলীয়াকৈ চালে; সেইকণ সময়ৰ ভিতৰতে আলোমণিয়ে দুৱাৰদলি এৰি জপনামুখত থিয় দিলেহি।
১৫২