“চনিয়া বুজিব নোৱাৰা ছোৱালী, তাইৰ কথা-বতৰা সকলো অদ্ভুত। চকু মুখ, গাৰ বৰণ মাকৰ দৰে নহৈ বাপেকৰ দৰে হল, সেইহে তাই আৰ্মি চাহাবৰ দৰে দুৰ্দ্দান্ত; মতা শাসন কৰা ছোৱালী।”
নতুনকৈ চিগাৰেট এটা জ্বলাই বুধুয়ে যাবলৈ থিয় হৈ কলে, “নৰেশ্বৰ, বাগিছালৈ আহিয়েই তই চনিয়াৰ লগ লাগিলি; পিছে বাগিছাৰ এঠা লাগিলে উৰিব নোৱাৰা হবি; নমৰালৈকে বাগিছাত আমাৰ নিচিনাকৈ লাগি ৰবি।” পৰিহাসপূৰ্ণ কথাৰ শেষ কৰি মুখৰ চিগাৰেটত চকু-কাণ বন্ধ কৰি হোপা মাৰি বুধু ওলাই গ'ল।
এঘাৰ
শুক্ল পক্ষ; প্ৰাণ মতলীয়া কৰা জোনাক। পুৰণা লাইনৰ- পৰা অহা মাদলৰ 'বিৰিণা বিণ ৰিহিনা ৰিণ' মন বলিয়া কৰা সুৰত প্ৰকাশ হৈছে—নাচনীয়ে নাচিছে, মতা-তিৰোতা গোট খাইছে। নুশুবা, আহাঁ নিশা ফুলা ডিমৰু ফুল চোঁৱাহি৷ চাহগছৰ মাজেদি যোৱা আলিয়েদি বুধুৰ লগত নৰেশ্বৰেও মাদলৰ মাত অনুসৰণ কৰিলে। ফাকুৱালৈ মাত্ৰ চাৰি দিনহে আছে। আলোমণিৰ আগচোতালত উৎসৱৰ আয়োজন আলচ কৰিবলৈ বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, লৰা-ছোৱালী গোট খাইছে। আগৰ মেনেজাৰ নাটল চাহাবে দেখা-শুনাকৈয়ে আলোমণিক ৰখাই-