সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

চাহাবৰ মেমৰ লগত বস্তু-বাহানি পেক কৰাত ৰাতিক দিন কৰি খাটিছিল। যোৱাৰ আগতে মেমচাহাবে গিৰিয়েকৰ কাপোৰ-কানি, জোতা-মুজা, পেৰা-পেটাৰি যাকে য’তে পালে বিলাই দিলে; ৰহমতে বাকচ ভৰাই এবাকচ পেণ্ট-কোট পাইছিল; সি তাৰ দুই এটা এতিয়াও পিন্ধে। মেমচাহাবে মহুৱাৰ ওচৰত গিৰিয়েকে কৰা পাপকামৰ কথা জানিছিল বুলি পিছত গম পাইছিলোঁ। কথাটো জানি মেমচাহাবেই বোলে আগতে তাইক বঙলাৰ কামৰপৰা এৰুৱাইছিল। কিন্তু মেমচাহাবে বিলাতলৈ যোৱাৰ আগে আগে মহুৱাৰ ভৰণ-পোষণৰ কাৰণে পাদুৰিৰ হাতত টকা-পইচা দি গৈছিল বুলিও পিছত জানিলোঁ। গৰ্ভৱতী হৈ থাকোঁতেই মহুৱাৰ টান বেমাৰ হয়; এণ্ড্ৰজ চাহাবে খবৰ পাই তাইক যোৰহাটৰ মিছনলৈ লৈ গল; চনিয়াৰ জন্ম হোৱাৰ লগে লগে মহুৱাৰ মিছনতে মৃত্যু হয়। এণ্ড্ৰজ চাহাব অকলশৰীয়া মানুহ; নিজৰ লগত ৰাখি ধাইমাকৰ হতুৱাই তুলি-তালি চনিয়াক ডাঙৰ-দীঘল কৰিলে। চনিয়াই পিছত নিজে হে উদ্ভণ্ডালি কৰি এণ্ড্ৰজ চাহাবৰ ঘৰৰপৰা লখুহঁতৰ ঘৰলৈ আহিছে। পাদুৰিয়ে এতিয়াও তাইৰ খা-খবৰ লৈ থাকে; মহুৱাৰ মোমায়েক-মামীয়েকক টকা-কড়িৰেও সহায় কৰে।”

 “এণ্ড্ৰজ চাহাবৰ মৰম নেওচি এই বাগিছাত মৰিবলৈ তাই আহিল কিয়?”

 চনিয়াৰ জীৱনৰ সকলো কথা জানিবলৈ কৌতুহলী হৈ নৰেশ্বৰে প্ৰশ্ন কৰিলে।

১৪৯