সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চাহাবৰ মেমৰ লগত বস্তু-বাহানি পেক কৰাত ৰাতিক দিন কৰি খাটিছিল। যোৱাৰ আগতে মেমচাহাবে গিৰিয়েকৰ কাপোৰ- কানি, জোতা-মুজা, পেৰা-পেটাৰি যাকে য'তে পালে বিলাই দিলে ; ৰহমতে বাকচ ভৰাই এবাকচ পেণ্ট-কোট পাইছিল ; সি তাৰ দুই এটা এতিয়াও পিন্ধে ৷ ওচৰত গিৰিয়েকে কৰা পাপকামৰ কথা জানিছিল বুলি পিছত গম পাইছিলোঁ। কথাটো জানি মেমচাহাবেই বোলে আগতে তাইক বঙলাৰ কামৰপৰা এৰুৱাইছিল। কিন্তু মেমচাহাবে বিলাতলৈ যোৱাৰ আগে আগে মহুৱাৰ ভৰণ-পোষণৰ কাৰণে পাদুৰিৰ হাতত টকা-পইচা দি গৈছিল বুলিও পিছত জানিলোঁ ৷ গৰ্ভৱতী হৈ থাকোঁতেই মহুৱাৰ টান বেমাৰ হয়; এণ্ড্ৰজ চাহাবে খবৰ পাই তাইক যোৰহাটৰ মিছনলৈ লৈ গল ; চনিয়াৰ জন্ম হোৱাৰ লগে লগে মহুৱাৰ মিছনতে মৃত্যু হয় । এণ্ড্ৰজ চাহাৰ অকলশৰীয়া মানুহ ; নিজৰ লগত ৰাখি ধাইমাকৰ হতুৱাই তুলি-তালি চনিয়াক ডাঙৰ-দীঘল কৰিলে। চনিয়াই পিছত নিজে হে উদ্ভণ্ডালি কৰি এণ্ড্ৰজ চাহাবৰ ঘৰৰপৰা লখুহঁতৰ ঘৰলৈ আহিছে। পাদুৰিয়ে এতিয়াও তাইৰ খা-খবৰ লৈ থাকে ; মহুৱাৰ মোমায়েক-মামীয়েকক টকা-কড়িৰেও সহায় কৰে।”

 “এণ্ড্ৰজ চাহাবৰ মৰম নেওচি এই বাগিছাত মৰিবলৈ তাই আহিল কিয় ?”

 চনিয়াৰ জীৱনৰ সকলো কথা জানিবলৈ কৌতুহলী হৈ নৰেশ্বৰে প্রশ্ন কৰিলে ।