সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সেউজী পাতৰ কাহিনী

সময়ত পাভৈজানৰ চাহাবক ময়ে ৰহুমতে ধৰাধৰি কৰি হে মটৰত তুলি দিব লগা হল। আৰ্মি চাহাবৰ মৃত্যু-ভোজৰ দৰে মদৰ বটল শেষ হোৱা পাৰ্টি আজিলৈকে দেখা নাই। আমাৰ পাভৈজানত পানী নহৈ মদ হোৱা হেঁতেন আৰ্মি চাহাবৰ শোকত চাহাবহঁতে গোটেই খনকে সেই ৰাতি শুহিলেহেঁতেন।

 “মানুহ মৰিলে চাহাববোৰে মদ-ভাতহে খায়?” নৰেশ্বৰে বিশ্বাস-অবিশ্বাসৰে প্ৰশ্নটো কৰিলে।

 “চাহাবক কিবা আমাৰ মানুহৰ দৰে পাইছনে? চাৰি কুৰি বছৰীয়া ককাকটো ঢুকালেও হাঐ-বিঐকৈ চিঞৰিব? মৰাটো মৰিলেই, তাৰ বাবে মিছাতে কান্দি-কাটি নেখাই-নবই অশান্তি কৰিলে কি লাভ? হাঁহি-মাতি, ভোজ-ভাত খাই মৰাটোৰ কথা যিমান সোনকালে পাহৰিব পাৰি তাৰ দিহাহে কৰিব লাগে।”

 “আৰ্মি চাহাবৰ মৃত্যুৰ তেনেহলে একো খা-খবৰেই নকৰিলে? পুলিচকো খবৰ-খাতি নিদিলে?”

 “ক’ত পুলিচক খবৰ দিব? পুলিচক খবৰ দিলে কেচু খোচৰোঁতে সাপহে ওলালহেঁতেন। পুলিচক জনাওক ছাৰি বাগিছাৰ বৰবাবুৰ লগতো আৰ্মি চাহাবৰ মৃত্যুৰ বিষয়ে মেমচাহাবে এষাৰ কথা নুলিয়ালে। চিঞৰ বাখৰ, হৈ-চৈ নোহোৱাকৈ ঘটনাটো থাপি-থুপি কেনেকৈ গোপনে ৰাখিব পাৰে তাৰেহে মেমচাহাবক চেষ্টা কৰা দেখিলো। নতুন মেনেজাৰ নহালৈকে এণ্ড্ৰজ পাদুৰি বঙলাতে আছিল। সেই কেইদিন আৰ্মি

১৪৮