সেউজী পাতৰ কাহিনী
“এই, আগেয়ে কৰবাত মটৰৰ কাম কৰিছিলি?”
“নাই কৰা।” মূৰটো আগলৈ হলাই উত্তৰ দিলে।
“তোৰ নাম কি?”
“নৰেশ্বৰ।”
“ক’ত ঘৰ?”
“আমগুৰিত।” কিছু সময় ৰৈ উত্তৰটো দিলে।
“মাৰ-বাপেৰ আছে?”
“ওহোঁ।” উত্তৰৰ লগে লগে মূৰটো ঘূৰোৱাত বুকুৰ কঁপনি উঠিল। মাতটো কঁপা কঁপা, প্ৰশ্নটোৱে বেজাৰৰ কথা মনত পেলালে অনুমান কৰি অনুকম্পাৰে চাহাবে কলে, “ভয় নাই; বাগিচাত কাম দিম।”
এক্চিলেটৰত পুনৰ জোৰকৈ ভৰিৰ হেচা পৰিল; গাৰীৰ বেগ বেচি হ’ল। বাটৰ কেঁকুৰিটো পোৱাৰ লগে লগে মটৰৰ সঙ্কেত ধ্বনি বাজি উঠিল। অকস্মাতে শুকানী ফৰিং এজনীয়ে আহি মটৰৰ গতিত উৰিফুৰা মিচেচ মিলাৰৰ চুলিৰ মাজত সোমাল; মিচেচ মিলাৰে আৰ্ত্তনাদ কৰি আওৰীয়া বেমাৰীৰ দৰে মূৰ নচুৱাবলৈ ধৰিলে। চাহাবে গাৰীৰ গতি হঠাতে কমালে। গাৰীৰ ভিতৰত ফৰিংটো সোমোৱা নৰেশ্বৰে লক্ষ্য কৰিছিল; মেমৰ চিঞঁৰত সচেতন হৈ সি বহা আসনৰপৰা আগুৱাই গৈ মিচেচ মিলাৰৰ চুলিৰ মাজত বন্দী হোৱা ফৰিংটো আঁজুৰি উলিয়াই বাহিৰলৈ উৰাই দিলে।
“ধন্যবাদ; বৰ বুদ্ধিয়ক।” মিচেচ মিলাৰে পিছলৈ চাই