সেউজী পাতৰ কাহিনী
“এই, আগেয়ে কৰবাত মটৰৰ কাম কৰিছিলি?”
“নাই কৰা।” মূৰটো আগলৈ হলাই উত্তৰ দিলে।
“তোৰ নাম কি?”
“নৰেশ্বৰ।”
“ক'ত ঘৰ?”
“আমগুৰিত।” কিছু সময় ৰৈ উত্তৰটো দিলে।
“মাৰ-বাপেৰ আছে?”
“ওহোঁ।” উত্তৰৰ লগে লগে মূৰটো ঘূৰোৱাত বুকুৰ কঁপনি
উঠিল। মাতটো কঁপা কঁপা, প্ৰশ্নটোৱে বেজাৰৰ কথা মনত
পেলালে অনুমান কৰি অনুকম্পাৰে চাহাবে কলে, “ভয় নাই;
বাগিচাত কাম দিম।”
এক্চিলেটৰত পুনৰ জোৰকৈ ভৰিৰ হেচা পৰিল; গাৰীৰ
বেগ বেচি হ'ল। বাটৰ কেঁকুৰিটো পোৱাৰ লগে লগে মটৰৰ
সঙ্কেত ধ্বনি বাজি উঠিল। অকস্মাতে শুকানী ফৰিং এজনীয়ে
আহি মটৰৰ গতিত উৰিফুৰা মিচেচ মিলাৰৰ চুলিৰ মাজত
সোমাল; মিচেচ মিলাবে আৰ্ত্তনাদ কৰি আওৰীয়া বেমাৰীৰ দৰে
মূৰ নচুৱাবলৈ ধৰিলে। চাহাবে গাৰীৰ গতি হঠাতে কমালে।
গাৰীৰ ভিতৰত ফৰিংটো সোমোৱা নৰেশ্বৰে লক্ষ্য কৰিছিল
মেমৰ চিঞৰত সচেতন হৈ সি বহা আসনৰপৰা আগুৱাই গৈ
মিচেচ মিলাৰৰ চুলিৰ মাজত বন্দী হোৱা ফৰিংটো আঁজুৰি
উলিয়াই বাহিৰলৈ উৰাই দিলে।
“ধন্যবাদ; বৰ বুদ্ধিয়ক। ” মিচেচ মিলাৰে পিছলৈ চাই