আবেলি ছুটীৰ ঘন্টি পৰিলেই আগৰ দৰে লৰালৰিলৈ ঘৰলৈ যাবলৈ সি ইচ্ছা নকৰা হল। সন্ধিয়া চকুৰে মণিব নোৱাৰা হোৱালৈকে ফুলনিত খুপি দিয়ে, ফুল চিকুনাই থাকে। মেনচাহাবে নানা ধৰণৰ ফুলৰ গুটি বিলাতৰ পৰা মগাই আনিছিল। সেই গুটি কেনেকৈ পচাব লাগে, কেতিয়া বব লাগে, কি সাৰ দিব লাগে — মেমচাহাবে বুজাই দিয়ে। ফুলনিব কামত আগ্ৰহ বঢ়া দেখি মেমচাহাৰে তাক আগতকৈও মৰম কৰা হল। মাজে মাজে নিজব ইখন সিখন কামত পাচেও। পুৰুষৰ ভাল পোৱা পাই কেৱল গাভৰুৱেই নেহাঁহে, ফুলগছেও হাঁহে। ফেকুৰ হাতৰ মৰম পাই বঙলাৰ ফুলনিৰ ফুল গছে ৰঙত বগা-বঙা-নীলা-হালধীয়া সাঁজ পিন্ধিলে। ফুলনিত হাঁহি ওলোৱাৰ লগে লগে দেখিলোঁ ফেকুৰ মুখৰ হাঁহি হৰিল— সি নিজৰ মুখৰ হাঁহি খিনিকেই যেন ফুলনিক দিলে। আগতকৈ ফেকু গহীন হল; মোৰ পৰা আঁতৰি আঁতৰি ফুৰে। মহুৱাৰ কথা সুধিলে আগৰ দৰে চকু মুখত আনন্দৰ শিমলু ফুল নুফুলা হল;—মহুৱাৰ কথা নোসোধাকে সি যেন বাঞ্ছা কৰে। প্ৰথম ভাল পোৱাৰ অৱস্থাত নিজৰ মনৰ কথা কবলৈ ডেকা-গাভৰুয়ে এজন মাজৰ মানুহ বিচাৰে; ভাল পোৱা বাঢ়িলে মতা তিৰোতা দুয়ো ইমান ওচৰা-ওচৰি হয় তেতিয়া মাজৰ মানুহ জনৰ কাৰণে ঠাই নোহোৱা হৈ পৰে, মাজৰ মানুহ হঠাতে অদৰ্কাৰি হৈ পৰে। ময়ো মহুৱাৰ বিষয়ে বা-বাতৰি লবলৈ এৰিলোঁ।
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৪৭
অৱয়ব