থপিয়াই নিনিলেহে আছে? চাবি, তিৰোতাৰ মনে লৰা- ছোৱালীৰ মনে সমান—সদায় নতুন পুতলা বিচাৰে।”
বুধুৰ কথাত নৰেশ্বৰে ফিক কৰে হাঁহিলে।
“মহুৱাক লৈ বাগিছাৰ পৰা ফেকুৱে পলাই যোৱা কথাও মোৰ লগত পাতিছিল। কিন্তু পলাই যাম বুলি ভবা যিমান সহজ—আচলতে কামটো সিমান উজু নহয়। এখন বাগিছাৰ গিৰমিটীয়াই অন্য বাগিছাত কাম পোৱা টান। নতুন বাগিছাৰ চাহাবে গম পালে পলাই যোৱা বাগিছালৈ ধৰি বান্ধি ঘূৰাই পঠাব। উভতি আহি যি শাস্তি পাব তাৰ বৰ্ণনা শুনি ফেকুৰ গা শিহঁৰিলে।” ভোন-ভোনাই গালত পৰা মহটোত চাপৰ মাৰি বুধুয়ে কৈ গ'ল৷
“মহুৱাৰ লগত বিয়াখন কেনেকৈ কেতিয়া পাতিব ফেকুয়ে দিন গনি থাকোঁতেই মহুৱাই বঙলাত কাম কৰিবলৈ আহিবলৈ এৰি দিলে। ফেচুৰ পৰা জানিলোঁ চাহাবৰ বঙলাত কাম কৰা তাইৰ মোমায়েকৰ আপত্তি—কি জানিবা ফেকুয়ে মন্ত্ৰ-তন্ত্ৰ কৰি তাইক ফুচুলাই নিয়ে। বঙলাত কাম কৰিবলৈ নাহিলেও পুৱা গধুলি ফেকুৰ লগত দেখা-শুনা নহৈ নাছিল। যি কোনো উপায়েৰে বুঢ়াই বিচৰা ধনখিনি সংগ্ৰহ কৰি মহুৱাক বিয়া কৰাবলৈ ফেকু ধৰি বান্ধি লাগিল। মহুৱাই বঙলাত কাম কৰিবলৈ এৰা কেইদিনমানৰ পৰা দেখিলোঁ ফেকুয়ে দিনটোৰ সৰহখিনি সময় ফুলনিৰ কামতে কটোৱা হ'ল; কলঘৰত