পৰিষ্কাৰ কৰি থকা মোক দেখি দীঘল ঠাৰিৰে সৈতে ফুলটো ছিঙি আনিবলৈ নিৰ্দেশ দিলে।ফেকুয়ে সেই গোলাপ জোপাৰে গুৰি চিকুণাই আছিল। মেমচাহাবৰ নিৰ্দ্দেশ সি অনুমানৰ ওপৰত বুজিলে। মই ফুল জোপাৰ কাষ চপাত সি মোলৈ মিনতিভৰা চকুৰে চাই মেমচাহাবক উদ্দেশ্য কৰি য’তে আছিল তাৰ পৰাই জনালে যে সেই গোলাপ ফুলটোত মৌ-গুটি পৰি আছে। মেমচাহাবক মৌ-গুটিলৈ বৰ ভয়; তেওঁৰ বিশ্বাস মৌ-গুটি পৰি থকা ফুল ছিঙিলে ফুলৰ পিছে পিছে মৌ-গুটিও ভিতৰ সোমায়। মৌ-গুটিৰ নাম শুনিয়েই সেই ফুল ছিঙিব নেলাগে বুলি হাত-মূৰ জোকাৰি নিষেধ কৰি মেমচাহাব লৰালৰিকৈ ভিতৰ সোমাল। ফেকুয়ে মোলৈ চাই হাঁহিলে—কৃতজ্ঞতাৰ হাঁহি। সন্ধিয়া ঘৰলৈ ওভোতোঁতে মহুৱাৰ কিচ্কিচীয়া ওখ খোপাত সেই গোলাপ পাহীকেই দেখিলোঁ।”
“তাৰো বৰ বুদ্ধি”, নবেশ্বৰে প্ৰশংসাত মাতিলে।
“ফেকুক মই কওঁ—মোমায়েকক ধৰি মেলি বঢ়াই বুজাই বিয়াখন নেপাত কিয়? চুৰি কৰি কৰি কিমান দিন পীৰিতি কৰিবি? চুপতা-চুপতিত জানো বিয়াৰ ভোক পলাব?”
“বুঢ়াই ৰাজী হওঁ বুলিছে; পিছে তাক ধন লাগে বহুত; সেই ধন গোটাবলৈ মোৰ দুবছৰ মান লাগিব। বাট নেচাই কি কৰিম?” সি দুখৰে কলে।
“দুবছৰলৈ বাট চাওঁতে চাওঁতে কোনোবাই মাজতে