সোমালহি। খিল্ খিল্কৈ গাখীৰিয়া বগা দাঁত কেইটা উলিয়াই শাৰীত আচলৰ গাঁথিটো মেলি ফেকুক নাকত গুজি দি ক’লে, “গোন্ধ ল, গোন্ধ ল।” মই ভাবিছিলোঁ আচলৰ গাঁথিত বান্ধি মেমচাহাবে দিয়া বক্চিচৰ পইচা আনিছে। নহয়— মেমচাহাবে নিজে এচেঞ্চ লওঁতে মহুৱাৰ গাটো ছটিয়াই দিছিল; গোন্ধ উৰিব বুলি তাই যখৰ ধনৰ দৰে শাৰীৰ আগত গাঁথি মাৰি গোন্ধ বান্ধি থৈছিল; এতিয়া তাকে ফেকুক শুঙাবলৈ আহিছিল।”
নৰেশ্বৰে হাঁহিলে, গোঁসানীৰ কৃপা পাবলৈ যিদৰে সকলো সুন্দৰ বস্তুৰে তেওঁক পূজা কৰোঁ, মহুৱাৰ ভাল পোৱাৰ কাৰণেও ফেকুয়ে য'ত যি ভাল বস্তু পাই সংগ্ৰহ কৰিছিল। হাটৰ পৰা ইটো-সিটো অলঙ্কাৰ আনি তাৰে তাইক সজাইছিল; চাহাবৰ ফুলনিৰ আটাইতকৈ ধুনীয়া ফুলটো মহুৱাক আনি দিছিল। এদিন কি হল শুন!” নৰেশ্বৰলৈ মুখ তুলি আৰম্ভ কৰিলে, “পুৱা মেমচাহাবে বঙলাৰ সমুখৰ বাৰাণ্ডাত অহা-যোৱা কবি আছে—ফুলদানি সজাবলৈ ফেকুৰপৰা ফুল বিচাৰি। মেমচাহাবৰ হাতত ফুল একোছা দি ফেকুয়ে ফুলনিৰ ফুলৰ গুৰি চিকুণাবলৈ গল। থোপাটোত ফুল কম হোৱা দেখি মেমচাহাবে ডিঙি মেলি মেলি ফুলনিত আৰু ভাল ফুল আছেনে নাই চালে। বাগানৰ কোণত নতুন গোলাপ জোপাত টিক্টিক্কৈ ৰঙা গোলাপ এটাই পাহী মেলোঁ মেলোঁকৈ বেলিলৈ বাট চাই আছে। নতুনকৈ ফুলা গোলাপ জোপাৰ ফুল মালিয়ে মৰমত নিছিঙিলে বুলি ভাবি ওচৰতে চকী মেজ