সেউজী পাতৰ কাহিনী
ঘৈনীয়েক এলি চেইমুৰ। মিলাৰে নাহৰনিত কাম কৰা কেইবা
বছৰো হৈছে; অসমীয়া বঢ়িয়াকৈ কব পাৰে। দু বছৰৰ
আগেয়ে ছুটিত বিলাতলৈ যাওঁতে এলি-চেইমুৰৰ লগত বিয়া
হয়। গিৰিয়েক ঘৈণীয়েকৰ মাজত বয়সৰ ব্যৱধান অধিক,
অলপ লক্ষ্য কৰিলেই মন কৰিব পাৰি। দুয়ো আমগুৰি
বাগিছাৰ মেনেজাৰৰ ঘৰত দুপৰীয়াৰ ভোজ-ভাতৰ নিমন্ত্ৰণ ৰক্ষা
কৰিবলৈ গৈছিল। ভাত খোৱাৰ পিচত তাচ খেল, তাৰ পিচত
চাহৰ পৰ্ব্ব। আমগুৰি বাগিচাৰ মেমক লগ পালে মিলাৰে
তাচৰ পৰা উঠিবই নোখোজে—মদ খোৱাৰো মাত্ৰা চৰে।
ওভোতোতে পলম হোৱা স্বাভাবিক; তাতে লোকেল বোৰ্ডৰ
ৰাস্তা। প্ৰতি বছৰেই ঠিকাদাৰে মেৰামতি কৰে, নতুন মাটী
দিয়ে; কিন্তু আলিৰ কাষৰ যি ফালৰ পৰা মাটী তোলা বুলি বিল
কৰে সেই ফালৰ গভীৰতা সদায়ে অপৰিবৰ্তিত থাকে। ফলত
নতুন গাঁত গঢ়ি উঠে বাটৰ বুকুত। খলা-বমা লোকেল বোৰ্ডৰ
আলিত চল্লিছ মাইল গতিত মটৰ চলোৱাৰ ফলত ঘটিল এই
সামান্য দুৰ্ঘটনা।
কিছু সময় কাৰো মুখত সাৰি-শব্দ নাই। মাথো বতাহৰ সোঁ
সোঁৱনি, জিলিৰ বিৰামহীন চি-চিঞনি। বাটৰ ওখ-চাপৰলৈ
লক্ষ্য কৰি মিলাৰে সন্তৰ্পনে ষ্টিয়াৰিং ঘূৰালে।
“চালাক লৰা; সিহে দোষটো দেখুৱালে।” এক্চিলেটৰৰ ওপৰৰ সোঁ ভৰিৰ হেঁচাটো ধীৰে ধীৰে কমাই পিছত বহা লৰাটোক উদ্দেশ্য কৰি সুধিলে,