সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সদায় বুট জোতা, হাতত হাণ্টাৰ; বুটৰে নুগুৰিওৱাকৈ গাত হাণ্টাৰ নলগোৱাকৈ কুলিক অৰ্ডাৰেই নিদিছিল। বিনা অনুমতিত বাগিছাত সোমোৱা কত মানুহক যে বেতাইছিল। নৰোৱা সত্ৰৰ মহন্ত এজনে এবাৰ ছাটি নজপোৱাকৈ বাগিছাত সোমাইছিল; মহন্তৰো কপাল বেয়া আছিল — আৰ্মি চাহাবে বঙলাৰ বাৰাণ্ডাৰ পৰাই দেখিলে। সেইদিনা দেওবাৰ, বাগিছাৰ কাষতে হাট বহে। মহন্তই দীঘল বাট চুটি কৰিবলৈ বাগিছাৰ মাজেদি আহিছিল। দেওবাৰৰ দিনটো মদ খাই চাহাব মাতাল—মেমও কাষ চাপিবলৈ সাহস নকৰে। সেই দিনা মহন্তৰ ৰক্ষা ক’ত? চৰ্দ্দাৰৰ হতুৱাই তেতিয়াই মহন্তক বঙলাৰ সমুখলৈ ধৰাই নিয়ালে; মূৰৰ পাগুৰি খুলি সেই পাগুৰিৰেই হাত-ভৰি বন্ধাই হাণ্টাৰৰে কোবাই আধামৰা কৰিলে। আধামৰা মানুহটো কুলিয়ে ডাং-ডোলা কৰি বাগিছাৰ বাহিৰত পেলাই থলেগৈ।”

 অলপ ৰৈ দীঘল নিশ্বাস টানি আকৌ কলে, “কিন্তু মানুহৰ ভাগ্য, এই জবৰজং আমি চাহাবক বঙলাতে ফেকু ওঁৰায়ে গলটিপি মাৰিলে।”

 “কেনেকৈ?” নৰেশ্বৰে উৎকণ্ঠাৰে সুধিলে।

 “সেইবোৰ বহুত কথা। বাগিছাৰ পাপ কাহিনী কিমান শুনিবি?”

 “পাপ-পূণ্য কিবা বাগিছাতহে আছেনে? য'তে মানুহ ত’তে পাপ-পূণ্য। সংসাৰত জন্মিলেই সকলো পাপ-পূণ্যৰ