জানিবলৈ নৰেশ্বৰ উদ্গ্ৰীৱ। চনিয়াৰ লাহী দেহৰ চেলা বৰণ, কেকোঁৰা চুলি, পাতল ওঠ আৰু জোঙা নাকটোৰ ওপৰত তিৰবিৰাই থকা বহল চকু দুটাই প্ৰথম সাক্ষাততে নৰেশ্বৰক আকৰ্ষণ কৰিছিল। কলা কুলি ছোৱালীৰ নিপোটল শৰীৰৰ সৌন্দৰ্য্য চনিয়াব নাই; কলা আকাশত তাই যেন পুৱাৰ প্ৰাণহীন তৰা। কথা-বতৰা চাল-চলনতো সাধাৰণ কুলি ছোৱালীতকৈ তাইৰ ধৰণ-কৰণ সুকীয়া। ভয়শূন্য, খঙাল, সকলোৰে ওপৰত অযথা অত্যাচাৰ আৰু প্ৰতিশোধ লোৱাৰ চেষ্টা; লুইতৰ বুকুৰ পানী-মেটেকা ফুলৰ দৰে বাগিছাত ওপঙি ফুৰিছে।
শনিবাৰ। ঘৈণীয়েকৰ সৈতে মিলাৰ চাহাব আবেলিতে পাভৈজানৰ ক্লাবলৈ ওলাল; নিশা দুই বজাৰ আগতে উভতি নাহে; বঙলাৰ চাকৰ-নাকৰৰ আবেলিতে ছুটী। চাহাব-মেমৰ সন্ধিয়াৰ আহাৰৰ ব্যৱস্থা কৰিবৰ প্ৰয়োজন নোহোৱাত ৰহমতে আবেলিতে অভিসাৰত ওলাল৷ অকলশৰীয়া নৰেশ্বৰে আমনিলগা আবেলিটো কটাবলৈ বুধুক কোঠালৈ মাতি নিজৰ বিছনাত বহুৱালেগৈ। বুধুৰ লগত ইটো-সিটো কথা পাতোতেই চনিয়াৰ নাম ওলাল। নৰেশ্বৰৰ চকুত অবিশ্বাসৰ প্ৰশ্ন দেখি বুধুয়ে পুনৰ কলে, “ও, তাই আৰ্মস্ট্ৰঙ চাহাবৰ ছোৱালী।” ওলমি থকা ভৰিৰ পৰা চেণ্ডেল খুলি পতাই পতাই ঘঁহি তলুৱাৰ মলি এৰুৱাই বুধুয়ে কৈ গ’ল, “আৰ্মষ্ট্ৰঙ চাহাবক বাগিছাৰ সকলোৱে আৰ্মি চাহাব বুলিহে মাতিছিল। যুদ্ধৰ চাহাবৰ দৰেই আৰ্মষ্ট্ৰঙ চাহাব দুৰ্দ্দান্ত আছিল। ভৰিত