এবাৰ চাই বৈৰাগীৰ গাতে গা লগাই বহিল। প্ৰেমই দূৰৈৰ পৰা দেখিলে ৰেল এৰাৰ লগে লগে আলতীয়ে বৈৰাগীৰ মূৰটো নিজৰ ওখ বুকুৰ মাজলৈ টানি লৈছে। 'ছিস্ তাই সকলো লাজৰ মূৰ খালে। গাওঁ এৰিলেই মানুহ পশুত পৰিণত হয় নে’—মনৰ ভিতৰতে কথাবাৰ শেষ কৰি মৰ্ম্মৰ মূৰ্ত্তিৰ দৰে চলন্ত ৰেলখনলৈ প্ৰেমই কিমানপৰ চাই আছিল কব নোৱাৰিলে। হেণ্ডিমেনৰ সম্বোধনতহে তাৰ মুৰ্চ্ছা ভাঙিল।
“এই ৰেলৰ উৰি ধোঁৱাৰ লগত তোৰ গাভৰু ডেউকা মেলি উৰি গ’ল নেকি?” প্ৰেমৰ মুখামুখি হৈ নাটকীয় ভঙ্গীত কলে, “আখি ছল ছল যেন যমুনাৰ জল, বাধা অবিহনে আৰ কে আছে বল?”
বাঁও চকুৰ কোণটো জপাই জপৰা চুলিৰ ফফৰীয়া মূৰটো জোকাৰি বজৰুৱা লৰাৰ চাহনিৰে সুধিলে, “লগ পালি?”
“পালো”, দুই গালে দুধাৰি লোতক বাগৰি পৰিল। চকুলোৰ ৰামধেনুত জীৱনৰ সুখ-দুখৰ বৰণ নিমিষলৈ উজলি উঠিল।
“পালি যদি গ'ল কলৈ? চোৰচোৰাই টানি একেবাৰে বাচত ভৰাই নিদিলি কিয়?” হাত ভঙ্গিৰে চোৰচোৰকৈ টনা ক্ৰিয়াটো দৰ্শালে।
“কান্দি-কাটি হাতে-ভৰিয়ে ইমানকৈ ধৰিলোঁ; তথাপি বৈৰাগীৰ লগতে গুচি গ'ল।” চকুৰ পানি মছি মছি কলে।
“নেযাব কিয়? ছালা নপুংসক; তিৰোতাৰ তিৰোতাৰ ভাওখন দিবলৈ লাজ আগত নেলাগিল? তিৰোতাক